টপচেম চিমেন্টে আয়োজন কৰিছে বাৰ্ষিক ৰক্তদান শিবিৰ

0 202

উত্তৰ পূব ভাৰতৰ এক অগ্ৰণী চিমেন্ট ব্ৰেণ্ড টপচেম চিমেন্টে আজি গুৱাহাটীত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে। এইবৰ্ষৰ ৰক্তদান শিবিৰটো গুৱাহাটীৰ মাৰোৱাৰী হস্পিতালৰ সহযোগিতাত কৰা হৈছে। শিবিৰটো শুভ উদ্বোধন কৰে টপচেম চিমেন্টৰ সঞ্চালক বজৰং লোহিয়াই। লগতে উপস্থিত থাকে বিক্রী আৰু বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰ। বিশেষ এই শিবিৰত টপচেম চিমেন্টৰ কৰ্মচাৰী সকলৰ লগতে অংশীদাৰসকলেও সক্রিয়তাৰে অংশগ্রহণ কৰা পৰিলক্ষিত হয়। এয়া কোৱাতো বাহুল্য নহয় যে যিসকল সদাশয় লোকে এই অভিযানত অংশগ্রহণ কৰিলে তেওঁলোকে ৰক্তদান বিষয়ক সুঅভিজ্ঞতা লাভ কৰিছিল যে প্রতিগৰাকী ৰক্তদাতাই এই পৃথিবীৰ ক’ৰবাত নহয় ক’ৰবাত অন্তত তিনিটা জীবন ৰক্ষা কৰিবলৈ সক্ষম হ’ব আৰু এই ৰক্তদাতাৰ বদান্যতাৰ বাবে কোনোবাই জীয়াই থাকিব পাৰিব৷
বিশেষ এই অনুষ্ঠানত মেঘালয় চিমেন্টচ লিমিটেডৰ বিক্রী আৰু বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে মন্তব্য কৰে যে টপচেম চিমেন্টে সৰ্বদায় জনসাধাৰণৰ উন্নয়ন মূলক পদক্ষেপ গ্রহণ কৰি আহিছে আৰু অনাগত সময়তো এই ধাৰা অব্যাহত থাকিব। একে আপাহতে এয়া আমাৰ বাবে মান্যতাৰ বিষয় যে মাৰোৱাৰী হস্পিতাল শিবিৰটো সৰ্বটোপ্ৰকাৰে সফলকাম দিশত তেওঁলোকৰ অকুন্ঠ সমৰ্থন জনাইছে।
এই অভিযানৰ উদ্দেশ্য হৈছে জীবন ধাৰণৰ বাবে প্রথম উপাদান হিচাপে ৰক্ত সঞ্চাৰণৰ প্ৰয়োজন হোৱা ৰোগীসকলক সহায়তা প্রদান কৰা, জনসাধাৰণৰ মাজত ৰক্তদান সন্দৰ্ভত থকা ভুল ধাৰণা দূৰীকৰণ কৰা। তাৰোপৰি প্ৰয়োজনীয় কাৰ্য্যকলাপ তথা উপাদেয় পদক্ষেপৰ জৰিয়তে ৰক্তদান সম্পর্কিত তথ্য প্ৰচাৰৰ সমান্তৰালকৈ শিক্ষা আৰু অনুপ্ৰেৰণা জাগ্রত কৰা।ৰক্তদান শিবিৰটো প্ৰকৃতপক্ষে টপচেম চিমেন্ট আৰু কৰ্মচাৰীসকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ উপৰিও সমাজকেন্দ্ৰিক ইতিবাচক মনোভাব বিস্তাৰৰ প্ৰতিশ্ৰুতিৰ নামান্তৰ।টপচেম চিমেন্টে স্বেচ্ছাসেবক কৰ্মচাৰীবৃন্দৰ সহায়ত মাৰোৱাৰী হস্পিতাল ৰ ৰক্তবেঙ্কক সমৰ্থন উপলব্ধ কৰাৰ অৰ্থে প্ৰায় ৩২ ইউনিট ৰক্তদান কৰে।
মাৰোৱাৰী হস্পিতাল এনে অনুষ্ঠান আয়োজনৰ দিশত প্ৰদৰ্শিত সমৰ্থন আৰু উৎসাহৰ বাবে টপচেম চিমেন্টৰ আৰু কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.