টপচেম চিমেন্টৰ উদ্যোগত ব’হাগ বিহু উদযাপন

0 98

উত্তৰ পূব ভাৰতৰ অগ্রনী চিমেন্ট ব্ৰেণ্ড টপচেম চিমেন্টে ব’হাগ বিহু উদযাপন উপলক্ষে বৃদ্ধাশ্রম, শিশু যত্ন গৃহ আৰু বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ বিশেষভাবে সক্ষম শিশু সকলৰ মাজত উলহ- মালহেৰে বিহু বিষয়ক আনন্দ প্ৰদানৰ জৰিয়তে বিহু উৎসৱৰ বতৰা দিবলৈ আগবাঢ়িছে।

টপচেম চিমেন্টে আয়োজন কৰা ব’হাগ বিহু উদযাপন ৬ এপ্রিলত আৰম্ভ হৈছে। পহিলা কাৰ্য্যসূচী হিচাপে বকোৰ আশাদ্বীপ পুনৰ সংস্থাপন কেন্দ্রত (Rehabilitation center) বিহুৰ উপহাৰ প্ৰদানৰ লগতে বিহু বিশেষ- লাৰু, পিঠা বিতৰণৰ উপৰিও এটা সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ণ কৰে।তদ্রুপ কাৰ্য্যসূচী প্ৰমোদ তালুকদাৰ মেমৰীয়েল হোম, শিশু সাৰথি,গুৱাহাটী,অসম শিশু কল্যাণ সদন, মা কামাখ্যা ওল্ডেজ হোম, প্ৰিয় বন্ধু বহুমূখী বিদ্যা লয়, কল্যাণী নিবাস,আমাৰ ঘৰ,চেনেহ আৰু শান্তনীড়তো ৰূপায়িত কৰা হ’ব।কামৰূপ (মহানগৰ)জিলাৰ লগতে কামৰূপৰ অন্যান্য স্থানতো পাঁচদিন ধৰি কাৰ্য্যসূচী চলিব।
কাৰ্য্যসূচী সম্পর্কে মত প্রকাশ কৰি মেঘালয় চিমেন্টৰ বিক্রী আৰু বিপনন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয়, “সমাজৰ বাবে কাম কৰাটো প্ৰতিজন কৰ্পোৰেট নাগৰিকৰ কৰ্তব্য। আমাক তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুমতি দিয়াৰ বাবে প্ৰতিষ্ঠানসমূহক ধন্যবাদ জ্ঞাপন কৰিছো। অদূৰ ভবিষ্যতেও এই কাৰ্য্যসূচী অব্যাহত থাকিব”।
বিশেষকৈ বৃদ্ধাশ্রম, শিশু যত্ন গৃহৰ ওপৰিও বহুটো প্ৰতিষ্ঠানৰ বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত বিহু উৎসৱৰ আনন্দ অনুভূত কৰোৱাৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে। লক্ষনীয় যে টপচেম চিমেন্টে ২০১০ চনৰে পৰাই প্ৰতি বছৰে বৃদ্ধাশ্রম, অনাথ আশ্রমৰ লগতে বিশেষভাৱে সক্ষম শিশুসকললৈ বিহুৰ ওলগ জনাই আহিছে।টপচেম চিমেন্ট এটা জনপ্রিয় ব্ৰেণ্ড হিচাপে সমাজৰ সকলোৰে কল্যাণৰ হকে দায়বদ্ধ আৰু নিয়মিতভাবে এনে জনহিতকৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

Leave A Reply

Your email address will not be published.