টাটা ট্ৰাষ্টৰ চেণ্টাৰ মুকলি

0 233

কাৰুশিল্প আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ উন্নয়নৰ উদ্দেশ্যে টাটা ট্ৰাষ্টে প্ৰথম ২১ নৱেম্বৰত ইয়াৰ কাৰুশিল্প ভিত্তিক জীৱিকা কাৰ্যক্ৰমৰ অধীনত কামৰূপৰ বিজয়নগৰ ভাগৱতীপাৰাৰ মাধৱদেৱ ছোৱালী হাইস্কুলৰ বিপৰীতে থকা টাটা ট্ৰাষ্টৰ এটা ইনকিউবেচন এণ্ড ডিজাইন চেণ্টাৰ মুকলি কৰে। প্রথম পৰ্য্যায়ত অসমকে দেশৰ উৰিষ্যা আৰু নাগালেণ্ডতো এনে ধৰণৰ তিনিটা চেণ্টাৰ মুকলি কৰাৰ লগতে দেশত মুঠ ছয়টা এনে চেণ্টাৰ মুকলি কৰা হ’ব টাটা ট্ৰাষ্টৰ তৰফৰ পৰা  জনাইছে  । আনহাতে এই চেণ্টাৰ সমূহত মহিলা সকলক বোৱা -কটা,বজাৰ পদ্ধতি , কম্পিউটাৰৰ প্ৰাৰম্ভিক শিক্ষাও প্ৰদান কৰা হ’ব জনাইছে টাটা ট্ৰাষ্টে।

Leave A Reply

Your email address will not be published.