ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰা আতংকময় পৰিবেশৰ মাজতে জনসাধাৰণক এই মহামাৰীৰ সম্পৰ্কত সজাগ কৰাৰ অৰ্থে যোৰহাট জিলাৰ টীয়কৰ গ্ৰাম্যাঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক পৰাগ শইকীয়াৰ প্ৰচেষ্টাত বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলক লৈ সজাগতামূলক প’ষ্টাৰ অংকন কৰি জনবহুল স্থানত আঁৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷উল্লেখযোগ্য যে সম্পূৰ্ণ ক`ভিড প্ৰ`টকল মানি ক’ৰণা মহামাৰীৰ সম্পৰ্কত জনসজাগতা সৃষ্টিৰ সমান্তৰালকৈ শিক্ষাৰ্থী সমাজৰ সামাজিক দায়বদ্ধতা সৃষ্টিৰ অৰ্থে গ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰকৃতি সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি কোনো গছত গজাল নমৰাকৈ প’ষ্টাৰ লগোৱাৰ সংকল্প লোৱা হৈছে৷ সমগ্ৰ ৰাজ্যখনত ক’ৰণা ঢৌ বাঢ়ি অহাৰ সময়ত গ্ৰাম্য অঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰা সমোপযোগী প্ৰচেষ্টাক বিভাগীয় কৰ্তৃপক্ষ আৰু সচেতন ৰাইজে শলাগ লৈছে৷
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান