ঠেলামৰাৰ বৰগাঁৱত নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ অসমৰ দ্বাৰা আয়োজিত ব্যক্তিত্ব বিকাশ শিৱিৰ আয়োজন

0 267

শোণিতপুৰ জিলাৰ ঠেলামৰাস্থিত প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ, অসমৰ দ্বাৰা আয়োজিত চাৰি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ব্যক্তিত্ব বিকাশ শিবিৰ বুধবাৰৰ পৰা শুভাৰাম্ভ হয় । উক্ত অনুষ্ঠানভাগ বন্তি প্ৰজ্বলনৰে শুভাৰাম্ভ কৰে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° আৰ এম প্ৰান্ত, সেৱা ভাৰতীৰ ক্ষেত্ৰ সাংগঠনিক সম্পাদক সুৰেন্দ্ৰ তালখেদাৰ, নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ উপ সভাপতি ইন্দ্ৰ চাপাগায়, প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰাগ কুমাৰ নাথ আৰু মাতৃ মঞ্চ অসমৰ উপ সভানেত্ৰী ৰেণু গৌতম ভাণ্ডাৰীয়ে । এই বিশেষ ব্যক্তিত্ব বিকাশ শিবিৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দুশৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহাল । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষন প্ৰসংগত কয় যে – বৰ্তমানৰ প্ৰজন্মই নিজৰ জাতি-সংস্কৃতিক সন্মান কৰিব শিকিলেহে নিজৰ জাতি সুৰক্ষিত হ’ব। সেই ক্ষেত্ৰত অভিভাৱক-অভিভাৱিকা সকলে নিজৰ ল’ৰা ছোৱালীক গুৰুত্ব দিয়া উচিত । চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই বিশেষ শিবিৰ অনুষ্ঠানত এন এচ এচ পিৰ মহা সচিব বিৰেন্দ্ৰ ৰাণা, মাতৃ মঞ্চ অসমৰ সচিব দিপা দেৱীৰ লগতে সমুহ উদ্যোক্তাসকলে বিশেষভাবে সহায়-সহযোগ আগবঢ়ায়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.