ৰাজ্যৰ যুৱ খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে অসম অলিম্পিক সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰা অসম যুৱ অলিম্পিক ২০২২ ৰ উদ্বোধনী অনুষ্ঠান সৰুসজাই ক্ৰীড়া প্ৰকল্পত শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব। আজি অনুষ্ঠিত এখন সংবাদমেলত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, অসম অলিম্পিক সন্থাই ২২-২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া অসম যুৱ অলিম্পিকৰ বাবে পূৰ্ণপ্ৰস্ততি অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনত অসমৰ ৩৫ খন জিলাৰ ৩২ টা ইভেন্টৰ খেল অনুষ্ঠিত হ’ব। লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি প্ৰতিযোগিতাখনত ইতিমধ্যে ৪১১৭ গৰাকী খেলুৱৈ, ৭১১ জন অফিচিয়েল আৰু ৬৫৪ জন টেকনিকেল অফিচিয়েলে যোগদান কৰাতো নিশ্চিত হৈছে। উল্লেখ্য, খেলুৱৈ আৰু অফিচিয়েলৰ পঞ্জিয়ন অনলাইনযোগে কৰা হৈছে। ইফালে, খেলুৱৈসকলৰ দৈনিক খেলৰসূচী তথা থকা, খোৱা আৰু যাতায়ত ব্যৱস্থাৰ সকলো তথ্য “এ ৱাই অ ২০২২” শীৰ্ষক এপত উপলব্ধ হ’ব। আনহাতে, সম্পাদক লক্ষ্য কোঁৱৰে স্পষ্ট কৰি দিয়ে যে অসম ল’ন বল সন্থাই নিৰ্ধাৰিত সময়ত খেলুৱৈৰ তালিকা জমা নিদিয়াৰ বাবে প্ৰতিযোগিতাখনৰ পৰা ল’ন বলক বাদ দিব লগা হ’ল। আজিৰ সংবাদমেলত প্ৰতিযোগিতাৰ মিডিয়া কমিটিৰ অধ্যক্ষ ৰূপম গোস্বামী তথা অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক অলক ত্ৰিপাঠী উপস্থিত থাকে।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ