ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন

0 215

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি বাক্সা জিলা আয়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত এখন গুৰুত্বপূর্ণ সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত বাক্সা আৰু তামুলপুৰ জিলাৰ ডং বান্ধ সমূহৰ সুৰক্ষা ব্যৱস্থা, বিভিন্ন সমস্যা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। উক্ত বৈঠকত দুয়োখন জিলাৰ বহুকেইখন ডং বান্ধ পৰিচালনা সমিতিৰ বিষ়ববীয়াসকলে অংশগ্ৰহন কৰে।

মন্ত্ৰীগৰাকীয়ে সভাত ভাষণ প্ৰদান কৰি কয় যে,ডং সমিতিয়ে পৰম্পৰাগত ভাবে প্ৰায় ৮০বছৰ ধৰি এই বান্ধ সমূহ জীয়াই ৰাখিছে। চৰকাৰৰ তৰফৰ পৰা এই ব্যৱস্থা সমূহৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ সহযোগ কৰিবলৈ সাজু বুলি মন্তব্য তেওঁ মন্তব্য কৰে। আজিৰ সভাখনত মন্ত্ৰী অশোক সিংহলে কয় যে ডং বান্ধ সমূহৰ কৃষক সকলৰ আয়ুস ৰেখা । ডং বান্ধ ব্যৱস্থাটো অসমৰ বাবে এক সম্পদ। ডং বান্ধ সমূহ প্ৰাকৃতিক ভাৱে আমি জীয়াই ৰাখিব লাগিব।বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাৰ জলসিঞ্চনৰ বিভাগৰ বিষয়া সকলক ডংবান্ধ সমূহ পৰিদৰ্শন কৰিবলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰে। আজিৰ এই সভাত বাক্সা আৰু তামুলপুৰ জিলাৰ ডং বান্ধ পৰিচালনা সমিতিৰ পৰা পৃথক পৃথক কৈ স্মাৰক পত্ৰ গ্ৰহণ কৰা হয়।ডং বান্ধ সমিতিৰ বিভিন্ন সমস্যা যেনে: বাৰিষা সময়ত বানপানীত উটি অহা বৃহৎ গছ, শিল, প্ৰাকৃতিক কেনেল গেট সমূহৰ মেৰামতি সমাধানৰ বাবে জলসিঞ্চন বিভাগৰ বিষয়া সকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে। তদুপৰি তামুলপুৰ জিলাৰ কেনেল সমূহ বৃদ্ধি কৰাৰ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনা কৰে।

মন্ত্ৰী অশোক সিংহলে ডং বান্ধ সমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে কৃষি আৰু পৰিবেশ সংৰক্ষণৰ দিশটো সজাগ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তক আহ্বান জনায়। বাক্সা আৰু তামুলপুৰ জিলাৰ ডং বান্ধ পদ্ধতিক জলসিঞ্চন বিভাগৰ অন্য প্ৰকল্পত কেনেদৰে ৰূপায়ন কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে। তদুপৰি বাক্সা আৰু তামুলপুৰ জিলাৰ ডং বান্ধ সমূহৰ প্ৰয়োজনীয়তা , ডং বান্ধৰ বিভিন্ন কাৰ্যপ্ৰণালী, সমাজ ব্যৱস্থাত ডং বান্ধৰ প্ৰভাৱ আদি সন্দৰ্ভত জলসিঞ্চন বিভাগৰ অভিযন্তা সকলক পৰিদৰ্শন কৰি এখন বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তা নিৰ্দেশ প্ৰদান কৰে

আজিৰ এই সভাত বড়োলেণ্ড প্ৰদেশীয় পৰিষদৰ বিধান সভাৰ অধ্যক্ষ কাটিৰাম বড়ো, জিলা আয়ুক্ত গৌতম দাসৰ লগতে জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰী, জিলা প্রশাসনক বিষয়া আৰু বাক্সা ,তামুলপুৰ জিলাৰ বহু কেইখন ডং বান্ধ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

উল্লেখ্য যে, মন্ত্ৰী অশোক সিংহলে আজি পুৱা মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ প্ৰতিটো ৱাৰ্ড পৰ্যবেক্ষণ কৰাৰ লগতে বিভিন্ন ব্যৱস্থাৱলী পৰিদৰ্শন কৰে।আজি চিকিৎসালয়খনত মন্ত্ৰী অশোক সিংহলে পঞ্জীয়ন কক্ষ, ডায়েলাইছিছ ইউনিট, মাতৃ প্ৰসৱ কক্ষ পৰিদৰ্শন কৰে। চিকিসালয়খনলৈ অহা প্ৰসূতি, ৰোগীৰ সৈতেও মন্ত্ৰী অশোক সিংহলে মত বিনিময় কৰে। পঞ্জীয়ন কক্ষত ৰোগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালেই ৰোগী সকলৰ বাবে বহা ঠাই, খোৱা পানী,ফেন আদিৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ তেওঁ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। তদুপৰি, জিলাখনৰ ৰাইজৰ সুবিধাৰ বাবে চিকিৎসালয়খনত প্ৰয়োজনীয় বিভিন্ন সা সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

আজিৰ এই চিকিৎসালয় পৰিদৰ্শনৰ সময়ত বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ বিধান সভাৰ অধ্যক্ষ কাটিৰাম বড়ো, জিলা আয়ুক্ত গৌতম দাসৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.