মহামাৰী ক’ৰণা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা বছৰ বাতিল হোৱা ৰঞ্জি ট্রফী এইবাৰ ডিচেম্বৰ মাহৰ পৰা আয়োজনৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ শুকুৰবাৰে অনুষ্ঠিত এপেক্স কাউন্সিলৰ বৈঠকত ব’র্ডে ২০২১–২২ ঘৰুৱা ছিজনৰ ৰূপৰেখা তৈয়াৰ কৰে৷ এই অনুসৰি ছেপ্ঢেম্বৰৰ মাজভাগৰ পৰা চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাৰ জৰিয়তে এইবাৰৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব৷ ইয়াৰ পিছতে ক্রমে নৱেম্বৰত বিজয় হাজাৰে এদিনীয়া ট্রফী আৰু ডিচেম্বৰৰ পৰা ২০২২ৰ মার্চলৈ ৰঞ্জি ট্রফী আয়োজনৰ চিন্তা–চর্চা কৰা হৈছে৷ যোৱাবাৰৰ দৰে এইবাৰো অনুষ্ঠিত নহ’ব দুলীপ ট্রফী, দেওধৰ ট্রফী আৰু ইৰানী কাপ৷ উল্লেখ্য যে ২০২০–২১ৰ ঘৰুৱা ছিজনতো বি চি চি আয়ে মুস্তাক আলী টি–২০ আৰু বিজয় হাজাৰে এদিনীয়া ট্রফীহে আয়োজন কৰিব পাৰিছে৷
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা