বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমে আজি ডিব্ৰুগড়ৰ চৌকিডিঙিৰ হোটেল ৰেইনবো ৰিজিছত ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ ষ্টাডী’ শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনৰ উদ্দেশ্য আছিল যুৱপ্ৰজন্মক ধঁপাতৰ ভয়াৱহতাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি। অসম মেডিকেল কলেজৰ সহকাৰী অধ্যাপক তথা প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট, ডিব্ৰুগড়ৰ প্ৰগ্ৰাম সঞ্চালক ডাঃ গায়ত্ৰী গগৈয়ে কৰ্মশালাখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত ডাঃ গগৈয়ে কয় যে পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰৰ মিনিষ্ট্ৰী অৱ হাউছিং এণ্ড আৰবান প’ভাৰ্টী এলিভিয়েশ্যনৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি। ধঁপাত বিক্রেতাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন ব্যৱস্থাই যুৱপ্ৰজন্মক ধঁপাতৰ প্ৰতি আসক্তি কমোৱাত সহায় কৰিব, কাৰণ ‘কটপা’ উলংঘন হলে বিক্রেতাৰ অনুজ্ঞাপত্ৰ বাতিল বা নিলম্বিত কৰাৰ ক্ষেত্ৰত সুযোগ থাকে। পৌৰ নিগম কৰ্তৃপক্ষই সেইবিলাক দোকানক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে, যিবিলাক দোকানে বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰে, যাতে শিশুসকলে সাধাৰণ দোকানৰ পৰা সেই সামগ্ৰীবিলাকৰ সংস্পৰ্শ লাভ নকৰে। শিক্ষা প্ৰতিষ্ঠানৰ পৰা দূৰত থকা দোকানসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে। অনুষ্ঠানত কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমৰ সচিব তথা অধিবক্তা অজয় হাজৰিকাই শেহতীয়াকৈ অসমৰ তিনিখন চহৰত (গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়) ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহৰ ওপৰত কৰা ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ’ শীৰ্ষক সমীক্ষাৰ মূল বিষয়কেইটা আলোকপাত কৰে। তেওঁ কয় যে অসমত শিক্ষা প্ৰতিষ্ঠানৰ ১০০ গজ দূৰত্বৰ ভিতৰত ৯৭ খন দোকানত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি সমীক্ষাত স্পষ্ট হৈছে। সমীক্ষাটোৰ মতে অসমত ৩৬.০৮ শতাংশ ফিলিপ মৰিছ ইণ্টাৰনেচনেল, ৪.১২ শতাংশ ব্ৰিটিছ আমেৰিকান ধঁপাতজাতীয় সামগ্ৰী আৰু ৯৩.৮১ শতাংশ ইম্পেৰিয়েল টবেক’ কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী হয়, যিটো আটাইতকৈ জনপ্ৰিয় ভাৰতীয় কোম্পানী। ৯৫.৮৮ শতাংশ দোকানত ধঁপাতজাতীয় সামগ্ৰী শিশুৱে দেখা পোৱাকৈ ৰখা হয় (১ মিটাৰ উচ্চতাত)। ৭২.১৬ শতাংশ দোকানত চিগাৰেটৰ স্বাস্থ্য সম্বন্ধীয় সতৰ্কীকৰণ জাননী নেদেখাকৈ ৰখা হয়। শিশুসকল আকৰ্ষিত হোৱাকৈ ৯০.৭২ শতাংশ দোকানত চিগাৰেট চকলেট বা মিঠাইজাতীয় সামগ্ৰীৰ ওচৰত ৰখা হয়। ৮৫.৫৭ শতাংশ দোকানত এটাকৈ চিগাৰেট বিক্ৰী হয়। কৰ্মশালাত বিশিষ্ট অথিতি হিচাপে উপস্থিত থাকি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, ডিব্ৰুগড়ৰ জিলা নডেল বিষয়া ডাঃ ৰিক্তম বৰগোঁহাই, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, ডিব্ৰুগড়ৰ জিলা স্বাস্থ্য বিষয়া নিধি দাস, নাৰ্চাৰ ইন্টাৰনেশ্বনেল স্কুল, ডিব্ৰুগড়ৰ অধ্যক্ষ পাপৰি শৰ্মা দত্ত, ডিব্ৰুগড়ৰ ধঁপাতৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ী তন্ময় পাটৰ আৰু ৰাজু চৌধুৰীয়ে ‘কটপা’ অধিক শক্তিশালী আৰু কাৰ্যকৰীকৰণ তথা অন্যান্য ৰাজ্যৰ দৰে অসমতো ধঁপাত বিক্রেতাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম আৰম্ভ কৰি কেনেকৈ যুৱপ্ৰজন্মক ধঁপাতজাতীয় সামগ্ৰীৰ পৰা দূৰত ৰাখিব পাৰি, সেই বিষয়ে মূল্যবান পৰামৰ্শ আগবঢ়ায়।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন