ডিমৰীয়া সমজিলাৰ কাৰ্যালয় চৌহদত আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ ব্যতিক্ৰমী কাৰ্যসূচীৰ সামৰণি পৰে। সমজিলাৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে আজিৰ কাৰ্যসূচী মুকলি কৰে ডিমৰীয়া সমজিলাৰ আয়ুক্ত বিশ্বজিত শইকীয়া, চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু সহকাৰী আয়ুক্ত হীৰকজ্যোতি শইকীয়াই। সেৱা কাৰ্যসূচীত উপস্থিত থাকি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে “আগন্তুক দিনত আপোনালোক কোনোৱেই যাতে অনুজ্ঞাপত্ৰ নোহোৱাকৈ, নথিপত্ৰসমূহ সঠিক নকৰাকৈ বাহন চলাবলগীয়া নহয়, অথবা কোনো অনাকাংক্ষিত দুৰ্ঘটনাত পতিত হৈ চৰকাৰ আৰু বীমা কোম্পানীৰ পৰা পাবলগীয়া ক্ষতিপূৰণৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হয়। যি কাৰ্যসূচীত যোৱা এটা পষেকত ডেৰ শতাধিক যানবাহনৰ গৰাকীৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰা হয়। সেয়ে আপোনালোক যিসকল যানবাহনৰ সন্মানীয় গৰাকীয়ে এতিয়াও বাহনৰ নথিপত্ৰ সঠিক কৰা নাই তেওঁলোকে ৩১ডিচেম্বৰৰ ভিতৰত বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক আৰু আগন্তুক দিনত পথ-সুৰক্ষা সজাগতা আন্দোলনৰ অংশীদাৰী হৈ ২০২৫বৰ্ষটোক দুৰ্ঘটনামুক্ত বৰ্ষ হিচাপে গঢ়ি তোলক ৷” উল্লেখ্য যে সেৱা কাৰ্যসূচীত বাহনৰ নথিপত্ৰ সঠিক কৰিবলৈ স্বইচ্ছাই আগবাঢ়ি অহা বহুসংখ্যক বাহনৰ গৰাকীৰ মাজৰ পৰা কেইবাগৰাকী জ্যেষ্ঠ লোকক পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বাহনৰ নথিপত্ৰৰ গুৰুত্ব সন্দৰ্ভত নিজৰ বন্ধুবৰ্গকে ধৰি সমাজত সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়৷ইফালে অনুষ্ঠানত সমৱেত ডিমৰীয়া সমজিলাৰ অধীনৰ কেইবাগৰাকী গাওঁপ্ৰধানক সম্বৰ্ধনা জনাই গাৱে গাৱে পথ সুৰক্ষাৰ জন আন্দোলন গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায় ৷ আজিৰ সেৱা কাৰ্যসূচীত জ্যেষ্ঠ যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাস, পূৰ্ণিমা তাছাৰ নেতৃত্বত পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে দুই শতাধিক বাহনৰ গৰাকীৰ নথিপত্ৰ বিষয়ক সমস্যাৰ থিতাতে সমাধান কৰে।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান