সীমা সমস্যাকে ধৰি আন্তঃৰাজ্যিক বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিবৰ বাবে অলপতে অসম নাগালেণ্ডৰ মুখ্যমন্ত্ৰী যোৰহাট আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।এই বৈঠকত অসম নাগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দীঘলীয়া ভৌগোলিক সীমাৰ স্থায়ী সীমা নিৰ্ধাৰণৰ বিষয়ে নেতা দুজনে মত বিনিময় কৰে।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিমন্ত্ৰণ ৰক্ষা কৰি দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পেলাবৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ যোৰহাটত উপস্থিত হয়।প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাৰ উপৰিও আন্তঃৰাজ্যিক বাণিজ্য, সীমান্ত অঞ্চলৰ আইন শৃংখলা পৰিস্থিতি তথা সীমান্তত বসবাস কৰা ৰাজ্য দুখনৰ বাসিন্দা সকলৰ মাজত সামাজিক সদভাৱ বৃদ্ধি কৰাৰ নেতাদ্বয়ে বিস্তৃত ভাৱে পৰ্যালোচনা কৰে।এই বৈঠকত ৰাজ্য সভাৰ সাংসদ তথা ৰাজ্যিক বিজেপি মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাচাও উপস্থিত থাকে।বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰঞ্জীত কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰী দুগৰাকী বৈঠকৰ কথা এনেদৰে বৰ্ণনা কৰি লগতে কয় যে অসম নাগালেণ্ড সীমান্তৰ সীমা বিবাদৰ ৰাজনৈতিক সমস্যাটো সামাজিক ভাৱে সমাধান কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ এক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ আগন্তক সময়ত সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব।আজি যোৰহাটত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী দুগৰাকী বৈঠকে অসম নাগালেণ্ডৰ উপৰিও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহৰ মাজতো ভাতৃত্ববোধ জাগ্ৰত কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যিক মুখপাত্ৰ জনে মত পোষণ কৰে।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign