সীমা সমস্যাকে ধৰি আন্তঃৰাজ্যিক বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিবৰ বাবে অলপতে অসম নাগালেণ্ডৰ মুখ্যমন্ত্ৰী যোৰহাট আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।এই বৈঠকত অসম নাগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দীঘলীয়া ভৌগোলিক সীমাৰ স্থায়ী সীমা নিৰ্ধাৰণৰ বিষয়ে নেতা দুজনে মত বিনিময় কৰে।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিমন্ত্ৰণ ৰক্ষা কৰি দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পেলাবৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ যোৰহাটত উপস্থিত হয়।প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাৰ উপৰিও আন্তঃৰাজ্যিক বাণিজ্য, সীমান্ত অঞ্চলৰ আইন শৃংখলা পৰিস্থিতি তথা সীমান্তত বসবাস কৰা ৰাজ্য দুখনৰ বাসিন্দা সকলৰ মাজত সামাজিক সদভাৱ বৃদ্ধি কৰাৰ নেতাদ্বয়ে বিস্তৃত ভাৱে পৰ্যালোচনা কৰে।এই বৈঠকত ৰাজ্য সভাৰ সাংসদ তথা ৰাজ্যিক বিজেপি মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাচাও উপস্থিত থাকে।বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰঞ্জীত কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰী দুগৰাকী বৈঠকৰ কথা এনেদৰে বৰ্ণনা কৰি লগতে কয় যে অসম নাগালেণ্ড সীমান্তৰ সীমা বিবাদৰ ৰাজনৈতিক সমস্যাটো সামাজিক ভাৱে সমাধান কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ এক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ আগন্তক সময়ত সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব।আজি যোৰহাটত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী দুগৰাকী বৈঠকে অসম নাগালেণ্ডৰ উপৰিও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহৰ মাজতো ভাতৃত্ববোধ জাগ্ৰত কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যিক মুখপাত্ৰ জনে মত পোষণ কৰে।
Trending
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ