অসম কুংফু সন্থাৰ অধীনস্থ কামৰূপ (গ্ৰাম্য) কুংফু সন্থাৰ উদ্যোগত মিৰ্জাৰ পলাশবাৰী আৰ.বি.উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় খেলপথাৰত ২১ নৱেম্বৰত মাষ্টাৰ দাদুল কুমাৰ দাস সোঁৱৰণী প্ৰথম বাৰ্ষিক আন্ত: ক্লাব কামৰূপ কুুংফু চেম্পিয়নশ্বিপ খনি অনুষ্ঠিত হৈ যায়। চাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্য্যায়ত ৩৩ টা শ্ৰেণীত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক সোঁণ, ৰূপ, ব্ৰঞ্জৰ পদক আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাৰ ২৪৪ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্যৰ দলে শ্ৰেষ্ঠ দলৰ আৰু কামৰূপ মহানগৰ জিলাৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে। আনহাতে কৰ্ণ দাসে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ আৰু প্ৰিয়ংকা নাথে শ্ৰেষ্ঠ ছোৱালী খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে। আন্ত: ৰাষ্ট্ৰীয় খেলুৱৈ তথা অসম কুুংফো সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ হালৈয়ে আঁতধৰা পুৰস্কাৰ বিতৰণী সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মুখ্য অতিথি হিচাপে আৰু অসম কুংফু সন্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, কাৰ্যকৰী সভাপতি সন্তোষ কুমাৰ নাথ মুখ্য বিচাৰক এন. চি.ৰাৱে আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক দীপক চন্দ্ৰ কলিতাই বঁটা বিতৰক হিচাপে উপস্থিত থাকে। ইপিনে উক্ত দিনাই অসম কুংফু সন্থাৰ ২১ সংখ্যক অধিৱেশন খনিও মিৰ্জাৰ পলাশবাৰী.আৰ.বি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈ যায়। এন. চি. ৰাৱৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনৰ বিষয় বাছনি সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক সভাপতি, চন্দন কুমাৰ নাথ কাৰ্যকৰী সভাপতি, বৰ্তমানৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাসক (মিৰ্জা) আৰু আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক তিনি বছৰৰ বাবে ৫২ জনীয়া নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। এই সমিতিত বাবুল দাসক (গোলাঘাট), কন্দৰ্প কুমাৰ নাথ (বঙাইগাঁও), সিদ্ধাৰ্থ শইকীয়া (যোৰহাট), পৰাগ চৌধুৰী (গুৱাহাটী), উৎপল বৰুৱা (তিনিচুকীয়া) আৰু বসন্ত শইকীয়া (লখিমপুৰ)ক উপ সভাপতি হিচাপে বাছনি কৰা হয়। আগন্তুক ২০২২ বৰ্ষত অসম কুংফু সন্থাৰ উদ্যোগত অসমত ৰাষ্ট্ৰীয় পৰ্যায়ত এখনি কংফু প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান