পৰ্যটকৰ বাবে মুকলি হ’ল পানপুৰ বনাঞ্চল

0 309

পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰিছে নতুন পদক্ষেপ ৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজিৰঙাৰ পিছত উত্তৰ অসমৰ জামুগুৰিহাটৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত কালিৰে পৰা মুকলি হ’ল জীপ চাফাৰি আৰু হাতী চাফাৰি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ অধীনৰ পানপুৰ বনাঞ্চলত আছে গড়, হাতী, বাঘকে আদি কৰি আন আন জীৱ জন্তু ৷ ইক’ টুৰিজিমৰ জৰিয়তে পানপুৰ বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে জীপ আৰু হাতী চাফাৰি ৷২০২০ চনতে পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰা হৈছিল যদিও ক’ভিডৰ বাবে পৰ্যটকৰ উপস্থিতি বনাঞ্চলখনত আশানুৰূপ নাছিল ৷ দেওবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল পানপুৰ বনাঞ্চল ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ , ৰাজ্যৰ প্ৰধান বন সংৰক্ষককে আদি কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে এই শুভাৰম্ভনী অনুষ্ঠানত অংশগ্ৰহন কৰে ৷ অনুষ্ঠানতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পানপুৰ বনাঞ্চলৰ ওপৰত এখনি তথ্যচিত্ৰ ইউটিউবৰ জৰিয়তে মুকলি কৰে ৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.