ৰাইটাৰ্ছ ফ’ৰাম অফ অসম আৰু অসম বন্ধুৰ যৌথ উদ্যোগত ২১ নৱেম্বৰত বিয়লি গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ জয়ন্ত কুমাৰ – লখিমী বৰুৱা সদনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলত কৰ্মৰত বনপালক -১ আৰু অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পুলিন মহন্তক বিগত সময়চোৱাত তেওঁ বন বিভাগত প্ৰদৰ্শন কৰা কৰ্তব্যনিষ্ঠাৰ বাবে বর্ষশ্ৰেষ্ঠ বনপালক বঁটাৰে সন্মানিত কৰিছে। বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা,প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা,বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, নিয়মীয়া বার্তাৰ সম্পাদক নৰেশ কলিতা , অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, সাংবাদিক মুকুন্দ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে অনুষ্ঠানটোত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৩৫ জন বিশিষ্ট লোকক বঁটা প্ৰদান কৰাৰ লগতে জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় । সাংবাদিক দীপক কুমাৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানত ৰাইটাৰ্ছ ফ’ৰাম অফ অসমৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীৰ ৰচিত “বিষ্ণু ৰাভাৰ সৃষ্টি আৰু দৰ্শন” আৰু বিশিষ্টা লেখিকা ড০ সীমা বৰাৰ ৰচিত “নীলাঞ্জন” উন্মোচন কৰা হয় । ড০ সংগীতা কাকতিৰ এটি ভক্তিমূলক গীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ড্ৰিমলী গগৈয়ে বিহুনাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইফালে অসম বন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব নিষ্ঠাৰে পালন কৰি অহা বনপালক পুলিন মহন্তক বর্ষশ্ৰেষ্ঠ বনপালক বঁটাৰে সন্মানিত কৰা বাবে সন্থাৰ সভাপতি ৰাজেন শইকীয়াই উদ্যোগতা সকলক ধন্যবাদ জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে প্ৰায় পাঁচমাহ আগলৈকে গুৱাহাটীৰ গাতে লগা যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পুলিন মহন্তই মেঘালয়ৰ পৰা নথিপত্ৰ বিহীনভাবে গুৱাহাটীলৈ সৰবৰাহ কৰা কেবাখনো কাঠৰ ট্ৰাক জব্দ কৰাৰ লগতে অবৈধভাৱে মাটি কটাৰ কেবাটাও ঘটনা ধৰা পেলাইছিল।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem