জাতীয় মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষত ঢকুৱাখনাত মঙ্গলবাৰে দুপৰীয়া উলিওৱা হয় এক বিশাল দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা। মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেল পথাৰৰ পৰা বাহিৰ হোৱা শোভাযাত্ৰা উদ্বোধন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই। পৌৰসভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা ,ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে ,সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস,মহকুমা পৰিকল্পনা বিষয়া মৃদু পৱন দত্ত বৰা,খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিষয়া কবিন্দ্ৰ মেদক সহ গৰিষ্ঠ সংখ্যক মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী,আশা কৰ্মী, জীৱিকা সখী,অংগনবাদী কৰ্মী,স্বাস্থ্য কৰ্মীৰে সু শৃঙ্খলিত ভাবে বাহিৰ হোৱা শোভাযাত্ৰাকাৰী সকলে সমগ্ৰ নগৰাঞ্চল পৰিভ্ৰমণ কৰে।ঐতিহাসিক সমৰাস্ত্ৰ বৰটোপেৰে সুসজ্জিত হৈ ঘোঁৰাৰ পিঠিত উঠি যুঁজাৰু সৈনিক, বীৰ লাচিতৰ মোমাইক শিৰচ্ছেদ কৰা দৃশ্য , আহোম যুগৰ পৰম্পৰাৰ নিখুঁত চিত্ৰায়ন আৰু উপস্থাপনেৰে উলিওৱা দৃষ্টিনন্দন শোভাযাত্ৰাই সন্মোহিত কৰে দৰ্শক ৰাইজক। ইয়াৰোপৰি জন্ম জয়ন্তীৰ সতে সংগতি ৰাখি ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ উদ্যোগত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা। শিক্ষাৰ্থী সকলৰ লগতে চৰকাৰী বিভাগ সমূহৰ কৰ্মচাৰী সকলৰ মাজত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাখন বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই। জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ দাস,সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগু,ঘিলামৰা উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা যোগানন্দ পেগু ,ঢকুৱাখনাৰ ডি আই চুমী শইকীয়া,ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুনীন দত্তৰ লগতে গৰিষ্ঠ সংখ্যক চৰকাৰী বিষয়া ,শিক্ষক, জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত প্ৰতিযোগিতাখন ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া জ্ঞানদীপ মহন্তৰ পৰিচালনাত অনুষ্ঠিত হয় ।সমাজ কল্যান বিষয়া সত্যজিৎ সোণোৱাল, অৰ্পিতা ডেকা ,ৰুষ্টম দেউৰীৰ সহযোগিতাত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰে।ইয়াৰ পাছতে চৰকাৰী কৰ্মচাৰী সকলৰ ১৪ টা দলৰ মাজত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা।স্বনামধন্য কবি দেৱকান্ত বৰুৱাৰ বিখ্যাত কবিতা “লাচিত ফুকন”ৰ বিশিষ্ট নাট্যকাৰ, শিক্ষাবিদ ডঃ পংকজ বৰাৰ শ্ৰুতিমধুৰ আবৃত্তি ,নিশী চুতীয়াৰ একক নৃত্য , প্ৰবীণ শিক্ষাবিদ জগদীশ গগৈৰ বক্তব্যৰে জীপাল মুকলি সভাতেই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক বঁটা আৰু মান পত্ৰৰে পুৰস্কৃত কৰা হয়।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign