ঢকুৱাখনাত ৰাইজে ঐক্যবদ্ধ হৈ নিৰ্মাণ কৰিলে বাঁহৰ দলং

0 257

দুবাহুত প্ৰচণ্ড বল আৰু কৰ্মশক্তি থকা পাছতো সুদীর্ঘ দিন ধৰি জীয়া যন্ত্ৰণা ভুগি আহিছিল ঢকুৱাখনা মহকুমাৰ চহা শ্ৰমজীৱী ন-কোঁৱৰহতিয়া গাঁৱৰ ৰাইজে। অন্ন বস্ত্ৰ বাসস্থানৰ বাবে আজীৱন যুদ্ধ কৰি জীৱন নিৰ্বাহ কৰি অহা লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ শিঙিয়া পঞ্চায়তৰ কৃষিজীৱী পৰিয়াল সমূহৰ বাবে দীৰ্ঘ দিন ধৰি অভিশাপ স্বৰূপ হৈ থিয় দি আহিছিল ঢকুৱাখনা জানটোৱে। বাৰিষা খৰালি উভয় কালতে জল ধাৰাৰে পৰিপুষ্ট হৈ থকা এই জানটোৰ ওপৰত এখন স্থায়ী কিম্বা অস্থায়ী দলং নিৰ্মাণৰ বাবে বিগত কেবা বছৰ ধৰি ঢকুৱাখনা গ্ৰামোন্নয়ন বিভাগৰ ওপৰত আশা পালি দিন নিয়াইছিল চহা পৰিয়াল সমূহে। কিন্তু ৰাইজৰ ইস্পিত আশা আকাংখ্যাই কোনোদিনেই বাস্তৱ ৰূপ নাপালে। পৰিণতিত ভুক্তভোগী গঞাই মন বান্ধিলে পৰমুখাপেক্ষী মনোভাব ত্যাগী হাতে কামে লাগি দলংখন সাজিব। ভবা মতেই কাম আৰম্ভ হ’ল।মহকুমাটোৰ হাৰ্হি জিলা পৰিষদ সদস্য টিটুমণি গোঁহাই চেতিয়াৰ সহযোগত , সমাজ হিতৈষী ব্যক্তি সকলৰ অৰ্থ সাহাৰ্য্য সন্মিলিত গনশক্তি অসমৰ পশ্চিম মাছখোৱা ব্লক সমিতিৰ উদ্যোগত মঙ্গলবাৰে ৰাইজৰ সমজুৱা শ্ৰম দানেৰে দলংখন নিৰ্মাণ সম্পূৰ্ন কৰি তুলিবলৈ সক্ষম হয়। অঞ্চলটোৰ ভুক্তভোগী পুৰুষ-মহিলা , গনশক্তিৰ কৰ্মকর্তা তথা শুভাকাংক্ষী ব্যক্তি সকলোৱে সন্মিলিত ভাবে আগবঢ়োৱা শ্ৰমৰ বিনিময়ত ৪০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰি মঙ্গলবাৰে বিয়লি ৰাইজৰ যাতায়তৰ বাবে উৎসৰ্গা কৰে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.