ঢকুৱাখনাৰ নামনি আলিমুৰ ডাংধৰা  আদৰ্শ অংগনৱাদী কেন্দ্ৰ  উদ্ধোধন

0 380

দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়তে দেওবাৰে ঢকুৱাখনাত এটা আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰা হয়। ঢকুৱাখনা সংহত শিশু  উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ডিমৰুগুৰি পঞ্চায়তৰ আলিমুৰ গাঁওত অৱস্থিত  আদৰ্শ কেন্দ্ৰটো উদ্ধোধন কৰে বিধায়ক নৱ দলেয়ে ।প্ৰকল্পটোৰ প্ৰকল্প বিষয়া জ্ঞানদীপ মহন্ত ,ব্লক সমন্বয়ক সত্যজিৎ সোণোৱাল ,প্ৰকল্পটোৰ ৭ নং চাৰ্কুলৰ  পৰিদৰ্শিকা  সংগীতা বৰুৱা , চক্ৰটোৰ সমূহ
অংগনৱাদী কৰ্মী সহায়িকা ,ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে ,জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই ,বিজেপি দলৰ ঢকুৱাখনা জিলা সভাপতি প্ৰদীপ চমুৱা ,  বসন্ত শইকীয়া , পৌৰপতি ৰাজীৱ দাস , মহকুমাধিপতি অৰিন্দম বৰুৱা,সহকাৰী আয়ুক্ত অভিজাত বৰা , মানৱজ্যোতি দাস  আদি  গৰিষ্ঠ সংখ্যক ৰাইজ উপস্থিত থকা উদ্ধোধনী সভাৰ  আঁত ধৰে প্ৰকল্পটোৰ ব্লক সমন্বয়ক সত্যজিৎ সোনোৱালে। অঞ্চলবাসী ৰাইজ ,অভিভাৱক উপস্থিত থকা কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত উদ্ধোধনী সভাৰ পূৰ্বে  বিধায়ক নৱ দলেয়ে  প্ৰায় ২৭  লাখ টকা ব্যয় সাপেক্ষ আদৰ্শ অংগনৱাদী কেন্দ্ৰটোৰ ফিটা কাটি শুভ উদ্ধোধন কৰে । পৰৱৰ্তী সময়ত অনুষ্ঠিত শুদ্ধোধনী সভাত  বক্তব্য ৰাখি  বিধায়ক নৱ দলেয়ে  গ্ৰাম্য সমাজত এক সর্বাংগ সুন্দৰ সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি কণ কণ শিক্ষাৰ্থী সকলক প্ৰাক প্ৰাথমিক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ বাবে  চৰকাৰে গ্ৰহণ কৰা এনে  কেন্দ্ৰৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ় দিয়াতো সম্ভৱ হব বুলি কয়। ঢকুৱাখনা মহকুমাত মুঠ ১২ টা এনে আদৰ্শ কেন্দ্ৰ নিৰ্মাণ কৰা বুলি কৈ  বিধায়কজনে গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী সকললৈ চৰকাৰে যোগান ধৰা  পুষ্টিকৰ আহাৰকে ধৰি বিভিন্ন অনুদান সামগ্ৰীৰে উপকৃত কৰি  সুস্বাস্থ্যবান দেশৰ ধৰণী গঢ়াত কৰ্মী সহায়িকা আৰু অভিভাৱক ৰাইজৰ অকুণ্ঠ সহযোগিতা কামনা কৰে। সভাতেই অঞ্চলটোৰ কণ কণ শিশু সকলৰ মাজত সমাজ কল্যান বিভাগে যোগান ধৰা ত্ৰিৰংগা বিতৰণ কৰে বিধায়ক দলে আৰু অন্যান্য অভ্যাগত সকলে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.