ঢকুৱাখনাৰ মধুপুৰ চাহ বাগিচাত আদৰ্শ বিদ্যালয় মুকলি মন্ত্ৰী অতুল বৰাৰ

0 168

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনৰ সকলোবোৰ সৰু বৰ জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু বিকাশত অধিক গুৰুত্ব দিছে।অসমৰ চাহ বাগিছাত বসবাস কৰা কেবা লক্ষাধিক আদিবাসী লোকৰ সন্তানক ঘৰৰ ওচৰতে উপযুক্ত শিক্ষা লাভৰ সুবিধা দিয়াৰ মানসেৰে আজি চাহ বাগিছাত স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। -এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ। আজি ৰাজ্যৰ ভিন্ন ঠাইৰ কেবা খনো চাহ বাগিছাৰ লগতে ঢকুৱাখনা মহকুমাৰ ধেমাজি সমষ্টিৰ অন্তৰ্গত মধুপুৰ চাহ বাগিছাত স্থাপন কৰা আদৰ্শ বিদ্যালয়খনি ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰি লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আৰু কয় যে-“চৰকাৰে চাহ বাগিছাৰ শিক্ষাৰ্থীৰ সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত বিদ্যালয়ৰ আন্তঃগাঁঠনি তৈয়াৰ কৰি দিছে, শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিছে।এতিয়া ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত নাম ভৰ্তি কৰোৱা আৰু বিদ্যালয়ৰ শৈক্ষিক উন্নতিত অৰিহণা যোগোৱাৰ দায়িত্ব কিন্তু অভিভাৱক ৰাইজৰ।

কিয়নো অভিভাৱক সকলক সজাগ-সচেতন হ’লেহে শিক্ষাৰ্থীয়ে সু-শিক্ষা লাভ কৰিব।আৰু ভৱিষ্যত দিনত তেওঁলোক একো একো গৰাকী মানৱ সম্পদত পৰিনত হ’ব।লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই আদৰণি ভাষণ দিয়া এই অনুষ্ঠানত জিলা উপায়ুক্ত ড০ সুমিত সত্তৱান,অতিৰিক্ত উপাযুক্ত ভাস্কৰ বৰুৱা, অতিৰিক্ত উপাযুক্ত তথা ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা,লখিমপুৰৰ বিধায়ক মানৱ ডেকা,অগপৰ কেন্দ্ৰীয় নেতা লক্ষীধৰ শেনচোৱা,মহেশ দলে,হাৰ্হি জিলা পৰিষদৰ সদস্যা টিটুমণি গোহাঁই তেতিয়া, প্ৰাক্তন সদস্য দুলাল দত্ত, আৰু মধুপুৰ বাগিছাৰ পৰিচালককে আদি কৰি বহুসংখ্যক বিশিষ্টলোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে বিদ্যালয়ৰ মুল তোৰণৰ পৰাই মন্ত্ৰী বৰাক প্ৰধান শিক্ষক মীনকান্ত শইকীয়াৰ নেতৃত্বত শিক্ষক-শিক্ষাৰ্থী সকলে আৰু ঝুমুৰৰ শিল্পীৰ দলে আদৰণি জনাই নিয়ে বিদ্যালয়ৰ দুৱাৰ মুকলি অনুষ্ঠানলৈ।সভাৰ আৰম্ভণিতে বিষ্ণু ৰাভা দিৱসৰ প্ৰাক্ ক্ষণত বিদ্যালয় মুকলি হোৱাত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে এটি ৰাভা সংগীত পৰিৱেশন কৰে। ইফালে মন্ত্ৰীগৰাকীয়ে সভাৰ শেষত বিদ্যালয়ৰ কন কন শিক্ষাৰ্থীসকলৰ সৈতে পকী মজিয়াত বহি লৈ একেলগে দুপৰীয়াৰ আহাৰ মধ্যাহ্ন ভোজনৰ জুতি লয়।

Leave A Reply

Your email address will not be published.