ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ

0 30

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহলে আজি ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সমষ্টিটোৰ নতুনকৈ ৰেছনকাৰ্ডপ্ৰাপ্ত ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ৰেছনকাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ শাসনাধিষ্ঠিত দলটোৰ দুৰ্নীতিসৰ্বস্ব নীতিৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কেবিনেট সিদ্ধান্ত অনুসৰি সমগ্ৰ ৰাজ্যত খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ বহুলাখ পৰিয়ালক ৰেচন কার্ড প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে। শোণিতপুৰ জিলাৰ ২৯ খন সমবায় সমিতি আৰু পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ অন্তৰ্গত ৯৯৬ গৰাকী সুলভ মূল্যৰ এজেণ্টৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে শেহতীয়াকৈ শোণিতপুৰ জিলাত ২২,৬৮০ খন ৰেচন কাৰ্ডৰ বিপৰীতে ১,০১,১৪৩ গৰাকী হিতাধিকাৰী নতুনকৈ অন্তৰ্ভুক্ত হৈছে।

মন্ত্ৰী সিংহলে কয় যে অসমত প্ৰায় ৬০ লাখ ভুৱা ৰেচন কাৰ্ড হিতাধিকাৰী আছিল। কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত এই ভুৱা হিতাধিকাৰীসকলক চিনাক্ত কৰি নাম কৰ্তন কৰি প্ৰকৃত দুখীয়া লোকৰ নাম অন্তৰ্ভুক্তিৰে প্ৰতিটো যোগ্য পৰিয়ালক ৰেচন কাৰ্ড প্ৰদানৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে ব্যৱস্থা হাতত লৈছে। এই চৰকাৰৰ দিনত দালাল, মধ্যভোগীৰ কোনো স্থান নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই চৰকাৰৰ দিনত দালালৰ স্থান কাৰাগাৰত। এই চৰকাৰৰ দিনত দুখীয়া ৰাইজে যি সুবিধা পাব, পোনপটীয়াকৈ পাব, বেংক একাউণ্টত প্ৰত্যক্ষ হস্তান্তৰযোগে পাব।দেশৰ প্ৰত্যেক গৰাকী ব্যক্তিৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ তথা এক পৰিপুষ্ট সমাজৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যাত্ৰাত অসম চৰকাৰৰ ই এক উল্লেখযোগ্য বৰঙণি বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে ৰাইজৰ আশীৰ্বাদত থকা শক্তিয়ে তেওঁলোকক ৰাইজৰ হকে দিনে-ৰাতিয়ে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এক উন্নত, পৰিৱৰ্তিত, প্ৰগতিশীল অসম নিৰ্মাণৰ বাবে সেয়ে সহযোগিতা আৰু আশীৰ্বাদ কামনাৰে মুখ্যমন্ত্ৰীৰ লগতে সকলোৰে হাত শক্তিশালী কৰিবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায়।

অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালী, সহজিলা আয়ুক্ত দ্যুতিভা বৰা, পৌৰপতি সুস্মিতা দাস, উপ-পৌৰপতি তুলিকা শইকীয়া, সমাজকৰ্মী দীপামণি শইকীয়া, ৰাতুল নাথ, জন শইকীয়া, কাজু দ্বীপৰ লগতে গাওঁ পঞ্চায়ত আৰু পৌৰ নিকায়ৰ জনপ্ৰতিনিধিসকল তথা হিতাধিকাৰী ৰাইজ উপস্থিত থাকে।

মন্ত্ৰী সিংহলে আজি নিজ সমষ্টি ঢেকিয়াজুলিত আন কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা সমূহ ক্ৰীড়া প্ৰতিভাক এক উপযুক্ত মঞ্চ এখন প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপ “খেল মহাৰণ ২.০”ৰ ঢেকিয়াজুলি বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি আজি পুৱা তেওঁ চাইক্লিং প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰাৰ লগতে অংশগ্ৰহণকাৰী খেলুৱৈসকলক উৎসাহ প্ৰদান কৰে।

ইয়াৰ পাছতে তেওঁ ঢেকিয়াজুলিৰ ত্ৰিমূৰ্ত্তি ভৱনত অৰুণোদয় ৩.০ৰ সফল ৰূপায়ণ আৰু যোগ্যজন লাভান্বিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে আয়োজিত এক উদগনিমূলক প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত থাকি সকলোকে এইক্ষেত্ৰত সহযোগ কৰি যাবলৈ আহ্বান জনায়।

আনহাতে আজি বিয়লি মন্ত্ৰী সিংহলে ঢেকিয়াজুলি সমষ্টিৰ তিনিটা নৱনিৰ্মিত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰো শুভ উদ্বোধন কৰে। এই কেন্দ্ৰকেইটা হৈছে নাহৰবাৰী বঙালী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, মাজৰৌমাৰী বঙালী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু নাহৰবাৰী কোঁচগাঁও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ।

এই কাৰ্যসূচীসমূহত জিলা আয়ুক্ত অংকুৰ ভৰালী, সহজিলা আয়ুক্ত দ্যুতিভা বৰাৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.