ঢেকীয়াজুলি সামূহিক স্বাস্থ্য কেন্দ্ৰত ডায়েলাইছিছ কেন্দ্ৰ উদ্বোধন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ

0 38

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহলে আজি ঢেকীয়াজুলি সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি)ত এটা ডায়েলাইছিছ চেণ্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সংহলে কয় যে আজি ঢেকিয়াজুলি সমষ্টিৰ ৰাইজক মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ বাবে থকা চৰকাৰৰ অদম্য প্ৰচেষ্টাৰ আন এক নিদৰ্শন হিচাপে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ অধীনত এই ডায়েলাইছিছ চেণ্টাৰ ৰাইজৰ সেৱাত উছৰ্গা কৰা হৈছে। তেওঁ কয় যে আৰ্থিক বাধা বা চিকিৎসা সুবিধাৰ অভাৱত যাতে ৰাজ্যখনৰ লগতে ঢেকিয়াজুলি সমষ্টিৰ কোনো নাগৰিক জীৱন ৰক্ষাকাৰী চিকিৎসাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰৰ অভিযানৰ আন এক গুৰুত্বপূর্ণ পদক্ষেপ এই ডায়েলাইছিছ কেন্দ্ৰ।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰনিক কিডনী ডিজিজ হৈছে জনস্বাস্থ্যৰ এক ক্ৰমবৰ্ধমান প্ৰত্যাহ্বান আৰু বৃক্ক বিকলতাত আক্ৰান্ত ৰোগীৰ বাবে ডায়েলাইছিছ এক অপৰিহাৰ্য চিকিৎসা। এই জটিল প্ৰয়োজনীয়তাক স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে ডায়েলাইছিছ সেৱা সম্প্ৰসাৰণক অগ্ৰাধিকাৰ দিছে।তেওঁ কয় যে এই নতুন সুবিধাই অসংখ্য দুখীয়া-দৰিদ্ৰ ৰোগীক বিনামূলীয়া ডায়েলাইছিছ সেৱা প্ৰদান কৰিব, যি পদক্ষেপে বহু পৰিয়াললৈ আশা আৰু সকাহ কঢ়িয়াই আনিব।

উল্লেখযোগ্য যে ঢেকিয়াজুলি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ডায়েলাইছিছ কেন্দ্ৰটি এপ’ল’ হস্পিতালছ এণ্টাৰপ্ৰাইজ লিমিটেডৰ সহযোগত PPP মোডৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। এই কেন্দ্ৰত ৩ খন ডায়েলাইছিছ বিচনাত তিনিটা শ্বিফটত প্ৰতিদিনে ৯ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা যাব।
এই ডায়েলাইছিছ কেন্দ্ৰই শোণিতপুৰ জিলাত ডায়েলাইছিছ সেৱাৰ বৰ্ধিত চাহিদা পূৰণ কৰাত সহায় কৰাৰ লগতে ৰাজ্যত ডায়েলাইছিছ কেন্দ্ৰৰ বৰ্তমান নেটৱৰ্ক অধিক শক্তিশালী কৰি তুলিব।

এই অনুষ্ঠানৰ পূৰ্বে ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আয়োজিত আন এক অনুষ্ঠানত মন্ত্ৰী সিংহলে ঢেকিয়াজুলি সমষ্টিৰ ১২৩ টা ধৰ্মীয় উপাসনাস্থলীলৈ অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ৩ লাখ টকাকৈ আৰ্থিক অনুদানৰ অংশ হিচাপে প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে।এই অনুষ্ঠানত ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যোতিভা বৰাৰ লগতে প্রশাসনৰ অন্যান্য বিষয়ববীয়াসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.