২০০৮ চনত মাথোন ৬ মাহৰ বাবে জয়মালা নামৰ হাতীটোক অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল । কিন্তু “জয়মালা” যোৱা প্ৰায় ১৪ বছৰে নৰক-যন্ত্ৰণা ভুগি আছে তামিলনাডুত । ইখনৰ পিচত সিখন চৰকাৰ সলনি হৈ আছে । অবৈধ ভাৱে বন্দী কৰি ৰখা “জয়মালা”ক তামিলনাডুৰ এটা মন্দিৰৰ চৌহদত চাৰিওখন ভৰি শিকলিৰে বান্ধি কেইবাজনো মাউতে অতি নৃশংসভাৱে মাৰপিট কৰি থকাৰ দৃশ্য “পেটা” নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে পোহৰলৈ আনিছে অসমৰ অন্যতম সমন্বয়-সংহতি-ঐক্যৰ অনুষ্ঠান “বহুভাষিক সাহিত্য মঞ্চ,অসম” চমুকৈ “বহুবাক” ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই এক বিজ্ঞপ্তিত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, বন বিভাগৰ উৰ্দ্ধতম কতৃপক্ষক অনুৰোধ জনাই কয় – অচিৰেই জয়মালাক অসমলৈ ওভোতাই আনিব লাগে । যিকেজন মাউতে হাতীটোক নৃশংস ভাৱে অত্যাচাৰ কৰি আছে, তেওলোকক শাস্তি বিহিব লাগে ।জয়মালাক অতিশীঘ্ৰে অসমলৈ আনিবলৈ আহ্বান জনাইছে মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস আদি দল-সংগঠনে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই