অচিৰেই আৰম্ভ হ’ব জিঅ’ৰ ৫জি সেৱা

0 177

দীপাৱলীৰ পূৰ্বে মুকলি হ’ব জিঅ’ৰ ৫জি সেৱা।এই বছৰ দীপাৱলীত দেশৰ মহানগৰসমূহকে ধৰি বহুতো মুখ্য চহৰত জিঅ’ৰ ৫জি নেটৱৰ্ক সুবিধা উপলব্ধ হ’ব।ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে সোমবাৰে কোম্পানীৰ বাৰ্ষিক সভাত এই ঘোষণা কৰে।

মুকেশ আম্বানীয়ে কয় যে,’দুমাহৰ পিছত অহা দীপাৱলী উপলক্ষে জিঅ’ই দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইৰ দৰে মহানগৰৰ উপৰিও দেশৰ বহুতো মুখ্য চহৰত জিঅ’ৰ ৫জি সেৱা আৰম্ভ কৰিব।জিঅ’ ৫জিক ১০ কোটিৰো অধিক ঘৰত অদ্বিতীয় ডিজিটেল অনুভৱ আৰু স্মাৰ্ট হোম ছলুশ্যনৰে জড়িত কৰিব।৫জি নেটৱৰ্কত ৰিলায়েঞ্চে ২ লাখ কোটি বিনিয়োগ কৰিছে।

জিঅ’ ৫জিৰ সৈতে, ৰিলায়েঞ্চে সকলোকে সকলো স্থানত আৰু সকলো বস্তু উত্তম গুণমান আৰু আটাইতকৈ ইক’নমিকেল ডাটাৰে সংযুক্ত কৰিব।ভাৰতৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰি, আমি বৈশ্বিক বজাৰত ডিজিটেল সমাধান আগবঢ়াবলৈ আত্মবিশ্বাসী।জিঅ’ৰ ৫জি কেৱল একাংশ লোকৰ বাবে নহয়, আমি সৰ্বভাৰতীয় আঁচনি প্ৰস্তুত কৰিম।

Leave A Reply

Your email address will not be published.