জামুগুৰিহাটত ইটাখোলা-কুসুমটোলা সংযোগী পথৰ শুভ উদ্বোধন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ

0 167

আজি গুৰুজনাৰ তিৰোভাৱ তিথিৰ পৱিত্ৰ দিনটোতে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই ইটাখোলা কুসুমটোলা সংযোগী পথটি উন্মোচন কৰে ৷ প্ৰায় ৮ কিলোমিটাৰ দৈঘ্যৰ পথচোৱাৰ শুভ উদ্ধোধনী অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰা, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল প্ৰমুখ্যে
কৰি পঞ্চায়তৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে । পথটিৰ শুভ উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে কয় – মোৰ সমষ্টিৰ গ্ৰামাঞ্চলৰ ৮০ শতাংশ পথেই ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷ বাকী যি দুই এটা পথ নিৰ্মাণ কৰিবলৈ থাকি গৈছে সেইসমুহ অতি শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.