গুৰুজনাৰ তিৰোভাৱ তিথিত নাম কীৰ্তনৰে মুখৰিত নামঘৰ

0 157

অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ সংখ্যক তিৰোভাৱ তিথি৷গুৰুজনাৰ তিৰোভাৱ তিথি ৰাজ্যজুৰি পালন কৰা হৈছে৷তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য৷মাজুলী,ঢেকীয়াখোৱা বৰনামঘৰ,বৰপেটা সত্ৰকে ধৰি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত গুৰুজনাৰ এই তিথি পালন কৰা হৈছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উখল-মাখল পৰিৱেশ৷বটদ্ৰৱাত গুৰুজনাৰ তিৰোভাৱ তিথি ‘গুৰু কীৰ্তন’ পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰা হৈছে৷উল্লেখযোগ্য যে,ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস,কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাক হৰিনাম কীৰ্তনেৰে সমগ্ৰ ৰাজ্যত ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে।

Leave A Reply

Your email address will not be published.