শ্বিলঙৰ বিষ্ণুপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত থকা সকলো অনুষ্ঠান – প্ৰতিষ্ঠানৰ মাটি – সম্পত্তি উপযুক্তভাবে সংৰক্ষণৰ দাবী -অসম চৰকাৰক হস্তক্ষেপ কামনা

0 290

১৯৭২ চনত অসমৰ পৰা মেঘালয়ে ৰাজ্য হিচাপে স্বীকৃতি পালেও অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙৰ সৈতে এতিয়াও আছে এক আত্মিক সম্পৰ্ক। পৃথক ৰাজ্য গঠনৰ ৫০ টা বছৰ পূৰ্ণ হলেও স্বাধীনোত্তৰ কালত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত সেই সময়ত অসমৰ নেতৃস্থানীয় ব্যক্তিসকলে গঢ় দি থৈ যোৱা জাতীয় অনুষ্ঠান – প্ৰতিষ্ঠানবোৰে আজিও সেই কথা সোঁৱৰাই দিয়ে। উল্লেখযোগ্য যে সেই সময়ৰ শ্বিলঙৰ বিষ্ণুপুৰ আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম কেন্দ্ৰস্থল। ১৯৪৯ চনত সেই সময়ৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এজন অন্যতম পুৰোধা ব্যক্তি মহেন্দ্ৰ মোহন চৌধুৰীৰ বিশেষ তৎপৰতাত অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে প্ৰায় ১৬ বিঘা মাটিত গঢ় লৈ উঠিছিল শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ (Srimanta Sankardev Cultural Centre )। এই সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ সভাপতি মীনাৰাম বৰা, উপ সভাপতি হৰেন্দ্ৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক সুনীত কুমাৰ ফুকনে জানিবলৈ দিয়া মতে পৰৱৰ্তী সময়ত ১৯৬২ চনত ইয়াৰে ৬ বিঘা মাটিত স্থাপন কৰা হয় শংকৰদেৱ কলেজ। বৰ্তমান অৱশিষ্ট ১০ বিঘা মাটিত সগৌৰবে থিয় হৈ আছে শংকৰদেৱ নামঘৰ, শংকৰদেৱ পুথিভঁৰাল, শংকৰদেৱ সেৱা কেন্দ্ৰ, শংকৰদেৱ বিদ্যাপীঠ, শিশু মন্দিৰ হাইস্কুল, শংকৰদেৱ সংগীত বিদ্যালয়, দেৱ কুমাৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহ , কেবাটাও কোঠাযুক্ত এটা অতিথিশালা। ইয়াৰ ভিতৰত শংকৰদেৱ সেৱা কেন্দ্ৰক মেঘালয় চৰকাৰে আৰবান হেলথ চেণ্টাৰ হিচাপে নামাকৰণ কৰি কৃষ্টি কেন্দ্ৰক মাহেকীয়া ভাড়া আদায় দি আহিছে। তেনেদৰে শংকৰদেৱ বিদ্যাপীঠক মেঘালয় চৰকাৰে চৰকাৰীকৰণ কৰিছে। কেন্দ্ৰৰ চৌহদত এখন ইংৰাজী স্কুল আৰু মেঘালয় কো অপাৰেটিভ এপেক্স বেংকৰ শাখাক ভাড়া দিয়া হৈছে। হেলথ চেণ্টাৰ, স্কুল আৰু বেংকৰ পৰা পোৱা ভাড়াৰ টকাৰে ২ জন আতৈ, ২ জন চকীদাৰ, ১ জন অফিচ বিয়াৰাৰ আৰু ১ জন সংগীত শিক্ষকক দৰমহা আদায় দি অনুষ্ঠানটো সুকলমে পৰিচালনাৰ চেষ্টা অব্যাহত ৰাখিছে উদ্যোক্তা সকলে। উল্লেখযোগ্য যে কৃষ্টি কেন্দ্ৰই ব্যস্ততাৰ মাজতো মহাপুৰুষ দুজনাৰ আদৰ্শ, কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। সমান্তৰাল ভাৱে শ্বিলঙৰ বিভিন্ন প্ৰান্তত বসবাস কৰি অহা অসমীয়া লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰি আহিছে । ইয়াৰ অংশ হিচাপে ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আহিছে এমহীয়া নাম। বিয়লি ২ বজাৰ পৰা ভাদ মাহত মহিলা সকলে দৈনিক নাম – প্ৰসংগ কৰি আহিছে। যত বিষ্ণুপুৰকে ধৰি কাষৰীয়া অঞ্চলৰ অসমীয়া, আনকি অসমীয়া সংস্কৃতিৰ প্ৰতি আন্তৰিকতা থকা কিছু সংখ্যক অনা অসমীয়া মহিলায়ো নাম – প্ৰসঙ্গত ভাগ লৈছে। কেন্দ্ৰৰ আমন্ত্ৰণ ক্ৰমে অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলেও নাম – প্রসংগ , ভাওনা আদিত ভাগ লৈ আহিছে । ২৭ আগষ্টত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত জ্ঞানমালিনী বিকশিত মহিলা দলেও কেন্দ্ৰৰ শংকৰদেৱ নামঘৰত গৈ তাৰ স্থানীয় মহিলা সকলৰ সৈতে নাম – প্রসংগত ভাগ লয়। অসম চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত বিষ্ণুপুৰত থকা মূল্যবান সম্পত্তিখিনিৰ উপযুক্ত ৰক্ষণাবেক্ষণ দিব লাগে। কিয়নো বৰ্তমান শ্বিলঙত অসমীয়া মানুহৰ সংখ্যা দিনক দিনে কমি আহিছে। হয়তো ২০ বা ২৫ বছৰ পাছত একেবাৰে কমি যাব। তেতিয়া মহাপুৰুষজনাৰ স্মৃতি বিজড়িত মূল্যবান সম্পত্তি , জাতীয় অনুষ্ঠান সমূহ কালৰ বুকুত বিলীন হোৱাটো নিশ্চিত। সেইবাবে কোচবিহাৰৰ মধুপুৰ সত্ৰসহ চৌহদক অসম চৰকাৰে সংৰক্ষণ কৰিবলৈ যিদৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে ধৰণৰ প্ৰচেষ্টাৰে অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ চৌহদকো উপযুক্তভাবে সংৰক্ষণ কৰি ৰাখিব লাগে । যাতে পৰৱৰ্তী সময়ত শ্বিলঙত বসবাস কৰা অসমীয়া মানুহৰ সংখ্যা কমি গলেও চৰকাৰীভাবে জাতীয় অনুষ্ঠান – প্ৰতিষ্ঠান সমূহ জীয়াই ৰাখিব পৰা যায় । কাৰণ এতিয়া যিকেইজন মুষ্টিমেয় মানুহে অনুষ্ঠান – প্ৰতিষ্ঠানখিনী জীয়াই ৰাখিছে তেওঁলোক এটা নিৰ্দিষ্ট সময়ত বৃত্তিগত কাৰণতে শ্বিলঙৰ পৰা অসমৰ নিজ ঘৰলৈ উভতি আহিব। গতিকে চৰকাৰে এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে, দৰকাৰ হলে মেঘালয় চৰকাৰৰ সহযোগত হলেও জাতীয় অনুষ্ঠানখিনী ধাৰাবাহিকভাবে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব বুলি সদৰি কৰি কৰ্মকর্তা সকলে এই ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে। উল্লেখযোগ্য যে বিষ্ণুপুৰৰ পৰা সামান্য নিলগৰ লাবানতো আছে অসমীয়া নামঘৰ । তাতো ভাদ মাহৰ এমহীয়া নাম – প্ৰসংগ চলি আছে । তেনেদৰে পুলিচ বজাৰৰ পৰা কিছু নিলগৰ ধানখেতিত আসাম হাউছৰ বিপৰীত দিশত আছে মহাপুৰুষ মাধৱদেৱ নামঘৰ । তাতো ভাদ মাহৰ এমহীয়া নাম – প্ৰসংগ চলি আহিছে । গতিকে আটাইকেইটা জাতীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰে উপযুক্ত সংৰক্ষণৰ দাবী কৰিছে শ্বিলঙত থকা অসমীয়া লোক সকলে ।

Leave A Reply

Your email address will not be published.