বৃক্ষ অৰ্থনীতি গঢ়ি তোলা আৰু অসমৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা “অমৃত বৃক্ষ আন্দোলন, ২০২৪”ৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান আজি তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বৃক্ষৰোপণ কাৰ্যসূচীৰ আগমুহূৰ্তত অনুষ্ঠিত এখন সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয়, “পৃথিৱী সংকটৰ মুখলৈ আহি আছে। পৃথিৱীৰ লগতে আমাৰ মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ অমৃত বৃক্ষ আন্দোলন আমাৰ বাবে এটা ডাঙৰ মিছন।” লগতে তেখেতে “এক পেড় মা কে নাম” বুলি টেগ লাইন লগাবলৈ সকলোকে আহ্বান জনায়। উক্ত সভাতে তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে “অমৃত বৃক্ষ আন্দোলন এক জন-আন্দোলন হওক” বুলি উল্লেখ কৰে। আয়ুক্ত কাৰ্যালয় চৌহদত অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই বৃক্ষ ৰোপণ কৰি জিলাখনত অমৃত বৃক্ষ আন্দোলন, ২০২৪ৰ শুভাৰম্ভ কৰে। তাৰ পাছত তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়েও বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত তামুলপুৰ জিলা প্ৰশাসনৰ সমূহ অতিৰিক্ত আয়ুক্ত তথা সহকাৰী আয়ুক্তসহ কৰ্মচাৰীবৃন্দ, বিভিন্ন বিভাগৰ বিষয়া আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে সমগ্ৰ তামুলপুৰ জিলাখনত ৭৪,০৮০জোপা গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে ৫ আগষ্টলৈকে পঞ্জীয়নৰ সময় বঢ়াই দিছে আৰু ১৫ আগষ্টৰ ভিতৰত সকলো পুলিৰ ৰোপণকাৰ্য সমাপ্ত কৰিব লাগিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে। ইয়াৰ উপৰি বৃক্ষৰোপণৰ ফটো MeriLiFE শীৰ্ষক এপত আপলোড কৰিব লাগিব। অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানৰ পাছত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অভিভাৱক মন্ত্ৰীগৰাকীয়ে “মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম” আঁচনি সম্পৰ্কীয় এখন সভাতো অংশগ্ৰহণ কৰে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ