তামুলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ চিমি কৰণ, আই এ এছ-ৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত ২০২৫-২৬ বৰ্ষত সংঘটিত দুৰ্যোগজনিত ক্ষতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। সভাত জিলাখনৰ ভূমি সংৰক্ষণ, লোককল্যাণ (পথ), এপিডিচিএল, সংহত শিশু কল্যাণ সেৱা, জলসিঞ্চন আদি বিভাগৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰি নিজ নিজ বিভাগৰ অধীনত হোৱা ক্ষয়-ক্ষতিৰ তথ্য দাঙি ধৰে। লগতে ৰাজ্যিক দুৰ্যোগ প্ৰতিকাৰ পুঁজি আঁচনিৰ অধীনত আগবঢ়াবলগীয়া প্ৰস্তাৱিত আঁচনিসমূহ সন্দৰ্ভতো আলোচনা কৰা হয়। সংশ্লিষ্ট বিভাগসমূহক শীঘ্ৰে প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰাৰ লগতে প্ৰকল্পসমূহৰ যথাযথ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে নিৰ্দেশনা দিয়া হয়।
তদুপৰি, তামুলপুৰ জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত থকা কিছুমান বকেয়া বিল আৰু পৰিশোধ বিষয়ক দিশসমূহো সভাত পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আন্তঃবিভাগীয় সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ উল্লেখ কৰে যে বাৰিষাৰ সময় সমাগত, গতিকে সম্ভাব্য বান তথা ধুমুহাৰ বাবে সংশ্লিষ্ট সকলো বিভাগ সাজু থকা উচিত। আজিৰ সভাখনত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়াসকলৰ উপৰি বিভাগীয় মুৰব্বী তথা কৰ্মচাৰীসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।