আজি আবেলি তামুলপুৰ জিলাৰ মটঙা চ’কত জিলা পথ সুৰক্ষা সমিতি আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা বিনায়ক হোণ্ডাৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কীয় এক কাৰ্যসূচী অনুষ্ঠিত হয়। বিশেষকৈ দুচকীয়া বাহনৰ চালকৰ বাবে হেলমেট পৰিধান কৰাটো কিমান সুৰক্ষিত, সেই সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবেই আজিৰ কাৰ্যসূচী অনুষ্ঠিত হয়। যিসকল চালকে হেলমেট পৰিধান কৰিছে, তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা একোপাহ গোলাপ ফুল আৰু কলম একোটা উপহাৰ হিচাপে প্ৰদান কৰা হয়। যিসকল চালকে হেলমেট পৰিধান কৰা নাই, তেওঁলোকক হেলমেট পৰিধান কৰাটো নিজৰ বাবেই কিমান নিৰাপদ, সেই সম্পৰ্কে সজাগ কৰি দিয়াৰ উপৰি নিয়ম অনুসৰি জৰিমনা বিহা হয়। ছাত্ৰ-ছাত্ৰীসকল যাতে হেলমেট পিন্ধাৰ ক্ষেত্ৰত বিশেষভাৱে সজাগ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় কেবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীকো এই সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱা হয়। আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, উপ-আৰক্ষী অধীক্ষক মণ্টু কুমাৰ বৰা, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অনুপম ডেকা, জিলা পৰিবহণ বিষয়া স্তুতি পৰাশৰ, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া চন্দা সিং, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্ম, বিনায়ক হোণ্ডাৰ সঞ্চালক সঞ্জয় লাখতীয়াৰ উপৰি স্থানীয় কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা