বিটিচি নিৰ্বাচন, ২০২৫-ৰ বাবে আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনা তামুলপুৰ জিলাৰ ৫টা পৰিষদীয় সমষ্টিৰ ২১গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে। আজি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ২৬-দৰঙাজুলি সমষ্টিৰ ২গৰাকী প্ৰাৰ্থী, ক্ৰমে বিজিতগৌৰা নাৰ্জাৰী (বিজেপি) আৰু ছেজন গয়াৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ)-য়ে মনোনয়নপত্ৰ দাখিল কৰে। জিলা আয়ুক্ত কাৰ্যালয়ত ২৭-নাগ্ৰীজুলি সমষ্টিৰ ৭গৰাকী প্ৰাৰ্থী, ক্ৰমে কৃষ্ণ পোদ্দাৰ (নিৰ্দলীয়), লখি দাস (বিজেপি), নীলমণি ৰাজবংশী (নিৰ্দলীয়), তৰুণ বিশ্বাস (সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ), থানেশ্বৰী দাস (ভিপিআই), উদয় বিশ্বাস (ভাৰতীয় জাতীয় কংগ্ৰেছ) আৰু উত্তম দাস (বিপিএফ)-য়ে মনোনয়নপত্ৰ দাখিল কৰে। তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ২৮-গয়বাৰী সমষ্টিৰ এগৰাকী প্ৰাৰ্থী জোনমণি ৰাভা (ভিপিআই)-ই মনোনয়নপত্ৰ দাখিল কৰে। জিলা আয়ুক্ত কাৰ্যালয়ত ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ ৪গৰাকী প্ৰাৰ্থী, ক্ৰমে ৰণেন্দ্ৰ নাৰ্জাৰী (বিজেপি), ৰূপন বসুমতাৰী (ভিপিআই), সুন্দৰ বড়ো (এন আৰ এম পি আই) আৰু সুৰজিৎ বসুমতাৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ)-য়ে মনোনয়নপত্ৰ দাখিল কৰে। একেদৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৩০-গোৰেশ্বৰ সমষ্টিৰ ৭গৰাকী প্ৰাৰ্থী, ক্ৰমে ভবেন্দ্ৰ নাথ স্বৰ্গীয়াৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ), বিজুলী নাৰ্জাৰী (ভিপিআই), বিপুল কুমাৰ বসুমতাৰী (ইউ পি পি এল), দেৰহাছাৰ নাৰ্জাৰী (বিজেপি), কুশল বড়ো (নিৰ্দলীয়), ললিত চন্দ্ৰ ডেকা (নিৰ্দলীয়) আৰু ৰবীন চন্দ্ৰ বড়ো (নিৰ্দলীয়)-ৱে মনোনয়নপত্ৰ দাখিল কৰে। জিলাখনৰ পাঁচোটা সমষ্টিৰ মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে এইবাৰৰ পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিছে। উল্লেখ্য যে ৪ ছেপ্টেম্বৰত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ’ব।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO