বিটিচি নিৰ্বাচন-২০২৫ উপলক্ষে তামুলপুৰ জিলা প্রশাসনৰ উদ্যোগত আৰু ৰাজ্যিক নিৰ্বাচন আয়োগ, অসমৰ তত্ত্বাৱধানত আজি তামুলপুৰ জিলাৰ আৱৰ্ত ভৱনৰ সভাগৃহত
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত ৰঞ্জন শৰ্মাৰ অধ্যক্ষতাত আৰু জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপস্থিতিত এখন গুৰুত্বপূর্ণ পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্তগৰাকীয়ে আগন্তুক নিৰ্বাচন সুস্থ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। বৈঠকখনত নিৰ্বাচনৰ প্ৰস্তুতি, নিৰাপত্তা ব্যৱস্থা, ভোটদাতা সচেতনতা কাৰ্যসূচী
আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। জিলা প্ৰশাসনৰ উপৰি আৰক্ষী বিভাগৰ তৰফৰ পৰাও জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে জিলাখনৰ নিৰ্বাচন সম্পৰ্কীয় কিছু তথ্যৰ প্ৰেজেণ্টছন আগবঢ়ায়। সংশ্লিষ্ট বিষয়াসকলে ভোটকেন্দ্ৰৰ স্থানান্তৰ, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ সমস্যা, মৃত ব্যক্তিৰ নাম কৰ্তন, গণ্য-মান্য ব্যক্তিৰ নাম অন্তৰ্ভুক্তি আদি সম্পৰ্কে সভাত উল্লেখ কৰে। ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে এই সকলো সমস্যা ৰাজনৈতিক বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ সমাধান কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে পৰিৱেশ-সহায়ক ভোটদান ব্যৱস্থাক লৈ “Green Election” শীৰ্ষক এক কাৰ্যসূচীও হাতত লোৱাৰ কথা ব্যক্ত কৰে। এই কাৰ্যসূচীয়ে প্লাষ্টিক বৰ্জন, ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰ, স্বচ্ছতা আদিক সামৰি ল’ব বুলি তেওঁ উল্লেখ কৰে। বৈঠকখনত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন শৰ্মা আৰু জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ উপৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব গীতাৰ্থ বৰুৱা, তামুলপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গ আদি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।