অহা ২৪ আৰু ২৫ জুনত তামুলপুৰত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধিৰ দল উপস্থিত হ’ব। তাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে জিলাখনৰ বিভিন্ন ঠাইত বিভিন্ন পৰ্যায়ত সজাগতা সভা অনুষ্ঠিত হৈ আছে। তাৰ অংশ হিচাপে আজি তামুলপুৰ জিলাৰ স্কুলসমূহৰ উপ-পৰিদৰ্শক সৌমদৌন নাৰ্জাৰী আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৱিত্ৰ হাজোৱাৰীৰ নেতৃত্বত কলবাৰী হাইস্কুল, বেৰবলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু ৩১৬ নং বেৰবলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত ড্ৰাগছ, বাল্য বিবাহ, পথ সুৰক্ষা, আধাতে স্কুল এৰা শিক্ষাৰ্থী আদি বিষয়ত আলোচনা কৰা হয়। আজিৰ এই সজাগতামূলক কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ, চমুকৈ “এন চি পি চি আৰ”ৰ তামুলপুৰ ভ্ৰমণৰ প্ৰতি সকলোৰে উৎসাহ বৃদ্ধি কৰিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন