যোৰহাট জিলাৰ তিতাবৰত ১১ আৰু ১২ মে’ত অনুষ্ঠিত হ’ব সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ। তিতাবৰ ইনড”ৰ ষ্টেডিয়ামত এই প্ৰতিযোগিতা আয়োজন কৰিছে অসম পেনচাক ছিলাট এছ’চিয়েচনে।দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতা অসম পেনচাক ছিলাট এছ’চিয়েচনৰ সভাপতি পৰমানন্দ চায়েঙীয়া,উপ-সভাপতি মৃদু প্ৰবন জোন,সাধাৰণ সম্পাদক লক্ষ্যজিত দলে,যোৰহাট পেনচাক ছিলাট এছ’চিয়েচনৰ সভাপতি বুবু শইকীয়া, সম্পাদক অঞ্জন শ্যাম আদি ব্যক্তিৰ উপস্থিতিত ১১ মে’শনিবাৰে পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ’ব । উক্ত প্ৰতিযোগিতাত খেলুৱৈসকলে টেণ্ডিং, টুনগাল, ৰেগু, গাণ্ডা, একক বিভাগত ভাগ ল’ব ।সদৌ অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিজয়ী প্ৰতিযোগীসকলক সোণ, ৰূপ, ব্ৰঞ্জ-(১) আৰু ব্ৰঞ্জ-(২)ৰ পদক আৰু প্ৰমাণপত্ৰ গ্ৰদান কৰা হ’ব।লগতে ১১ৰ পৰা ১৩ জুনলৈ উৰিষ্যাত হ’বলগা ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাতৰ বাবে খেলুৱৈ বাচনি কৰা হ’ব।উল্লেখ্য যে বাচনিভুক্ত খেলুৱৈসকলক অহা ১৫ মে’ ৰ পৰা ৫ জুনলৈকে ২০ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি অসম পেনচাক ছিলাট এছ’চিয়েচনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন