যোৰহাট জিলাৰ তিতাবৰত ১১ আৰু ১২ মে’ত অনুষ্ঠিত হ’ব সপ্তম সংখ্যক সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ। তিতাবৰ ইনড”ৰ ষ্টেডিয়ামত এই প্ৰতিযোগিতা আয়োজন কৰিছে অসম পেনচাক ছিলাট এছ’চিয়েচনে।দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতা অসম পেনচাক ছিলাট এছ’চিয়েচনৰ সভাপতি পৰমানন্দ চায়েঙীয়া,উপ-সভাপতি মৃদু প্ৰবন জোন,সাধাৰণ সম্পাদক লক্ষ্যজিত দলে,যোৰহাট পেনচাক ছিলাট এছ’চিয়েচনৰ সভাপতি বুবু শইকীয়া, সম্পাদক অঞ্জন শ্যাম আদি ব্যক্তিৰ উপস্থিতিত ১১ মে’শনিবাৰে পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ’ব । উক্ত প্ৰতিযোগিতাত খেলুৱৈসকলে টেণ্ডিং, টুনগাল, ৰেগু, গাণ্ডা, একক বিভাগত ভাগ ল’ব ।সদৌ অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি বিজয়ী প্ৰতিযোগীসকলক সোণ, ৰূপ, ব্ৰঞ্জ-(১) আৰু ব্ৰঞ্জ-(২)ৰ পদক আৰু প্ৰমাণপত্ৰ গ্ৰদান কৰা হ’ব।লগতে ১১ৰ পৰা ১৩ জুনলৈ উৰিষ্যাত হ’বলগা ৰাষ্ট্ৰীয় পেনচাক ছিলাট প্ৰতিযোগিতাতৰ বাবে খেলুৱৈ বাচনি কৰা হ’ব।উল্লেখ্য যে বাচনিভুক্ত খেলুৱৈসকলক অহা ১৫ মে’ ৰ পৰা ৫ জুনলৈকে ২০ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি অসম পেনচাক ছিলাট এছ’চিয়েচনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে ।
Trending
- স্বেচ্ছাসেৱী অনুষ্ঠান সম্প্ৰীতি কল্যাণ ফাউণ্ডেচন আৰু মহিলা যোগ সংঘৰ প্ৰীতি সন্মিলন
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই