কৃষক ৰাইজৰ গৌৰৱ থল শতবৰ্ষত ভৰি দিয়া তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰত আজি কৃষক দিৱস উদযাপন কৰা হয়।প্ৰতি বছৰে আজিৰ এই দিনটোত কৃষি গৱেষণা কেন্দ্ৰই আয়োজন কৰি অহা কৃষক দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ হেজাৰৰ অধিক কৃষক আৰু কৃষি বিজ্ঞানী সকলে আয়োজন কৰে।কৃষক সকলকলৈ অনুষ্ঠিত কৰা মুকলি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দ্ৰ ডেকাই কয় যে কৃষক সকলৰ গৌৰৱৰ থল কৃষি গৱেষণা কেন্দ্ৰৰ এই মাহৰ ২৬ নৱেম্বৰ দিনা শতবৰ্ষৰ ভৰি দিব। শতবৰ্ষত উপনীত হোৱা আজিৰ আনন্দময় পৰিৱেশত কৃষক সকলকৰ কৃষিৰ প্ৰতি আগ্ৰহ দেখি আনন্দিত হৈছো।আজিৰ ভাৰতবৰ্ষৰ ৬০ শতাংশ কৃষি ভূমিত তিতাবৰৰ এই গৱেষণা কেন্দ্ৰত জন্ম দিয়া ধানৰ সঁচ ৰঞ্জিত চাব-১ ধানৰ খেতি কৰা হয়।উপাচাৰ্য গৰাকীয়ে কয় যে আৰু কেইদিনমানৰ পাছত ২৬ নৱেম্বৰ দিনা শতবৰ্ষত ভৰি দিব এই কেন্দ্ৰই।সেই সোণালী দিনটোত অসম ধান প্ৰতিষ্ঠান নামৰ এক অনুষ্ঠান জন্ম দিয়া হ’ব।অসম ধান প্ৰতিষ্ঠান নামৰ অনুষ্ঠানটোত ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰৰ কৃষক সকল আৰু বিজ্ঞানী সকলে ধানৰ ওপৰত প্ৰশিক্ষণ ল’ব পাৰিব। তিতাবৰৰ এই গৱেষণা কেন্দ্ৰত ৬ হেজাৰৰ ধানৰ সঁচ সুৰক্ষিত অৱস্থাত আছে। ইয়াৰ বাবে সেই নিৰ্দিষ্ট দিনটোত জিন বেংক এটা প্ৰতিষ্ঠা হ’ব।লগতে উপাচাৰ্য গৰাকীয়ে কয় যে ধান বুলি কলে আমি কেৱল ধান বুজি পাওঁ।ধানক লৈ এতিয়া নতুন ব্যৱসায় কৰাৰ সময় আহি পৰিছে।আমি প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিব লাগে।ভাৰত চৰকাৰ অসম চৰকাৰে প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিছে।একেটা ধানকে বছৰ বছৰ ধৰি একেডৰা মাটিত খেতি কৰি লাভ নাই।তিতাবৰ ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা নুমলী ধানৰ সময় ১৩০ দিন।সেয়েহে অসমৰ এশ হেক্তৰ ভূমিত আমি এইবাৰ নুমলী ধানৰ খেতি কৰিছোঁ।ইয়াৰ পাছত এই ভূমিত আমি মছুৰ ডালি, মাটি মাহ বা অন্যান্য খেতি কৰিব পাৰিম।আমি কেৱল ধান খেতি কৰিলেই নহ’ব ধান কটাৰ পাছত এই ভূমিত আমি প্ৰাকৃতিক খেতি কৰিব লাগিব।ইতিমধ্যে এই কেন্দ্ৰই লাবন্য ধানৰ সঁচ মুকলি কৰি দিয়া হৈছে।ইফালে আদৰণি ভাষণত কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় চেতিয়াই কৃষক সকলক শ্ৰদ্ধা জনায় কয় যে আমি কৃষক সকলক লৈ কুঁহিপাত নামৰ এটা গোট জন্ম দিছোঁ।এই কুঁহিপাতত জড়িত থকা কৃষক সকলৰ দ্বাৰা দহ হেজাৰ হেক্তৰ মাটিত লাবন্য নামৰ ধানৰ খেতি কৰা হৈছে লাবন্য ধান কটা পাছত এই মাটিত মাকৈ আদি অন্যান্য খেতি কৰা হ’ব।ৰঞ্জিত চাব-১ ধান ভাৰতবৰ্ষত অতি জনপ্ৰিয় ধান।ইতিমধ্যে বহু কেইটা কোম্পানীয়ে আমাৰ উদ্ভাৱক ধান লুইত আৰু বাহাদুৰ ধান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য কৃষক ৰাইজৰ মাজত জনপ্ৰিয় কৰিবৰ কাম কৰি আছে।অহা ২৬ নৱেম্বৰত শতবৰ্ষ হ’ব তাৰ বাবে আমি প্ৰস্তুতি চলাইছো বুলি উল্লেখ কৰে।মুকলি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী ড° অশোক ভট্টাচাৰ্য ড° প্ৰসন্ন কুমাৰ পাঠক,তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা,তিতাবৰ মহকুমাধিপতি,বৰহোলাৰ প্ৰগতিশীল কৃষক শিখা মণি বৰাই বক্তব্য ৰাখে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত