বঙাইগাঁৱৰ‌ গান্ধী ময়দানত পোন্ধৰ দিনীয়া ৰাস উৎসৱ আয়োজন

0 156

আজি তিনিদিন ধৰি সমগ্ৰ নামনি অসমতো ৰাস উৎসৱৰ জোৱাৰ চলিছে।মূলতঃ প্ৰেম,ভালপোৱা আৰু বিশ্বাসৰ প্ৰতীক হৈছে শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ।সেয়ে দ্বাপৰ যুগৰ পৰা হিন্দু মানৱ শ্ৰেণীয়ে পৰম্পৰাগত ভাৱে বছৰ বছৰ ধৰি পালন কৰি আহিছে এই ৰাস উৎসৱ।কিন্তু বিগত দুটা বছৰে কোভিড ১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱত মানৱ শ্ৰেণীয়ে পালন কৰিব পৰা নাছিল।অৱশ্যে এই বছৰ মুক্তভাৱে পালন কৰিব পৰাত ৰাইজ উৎফুল্লিত হৈ পৰিছে।সেইমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামনি অসমত থকা প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো ৺অনিল পাঠক প্ৰাথমিক শাখা ,জ্যোতিনগৰ প্ৰাথমিক শাখা ,দোলাইগাঁও প্ৰাথমিক শাখা ,বঙাইগাঁও প্ৰাথমিক শাখা ,তৈল নগৰী ঢালিগাঁও প্ৰাথমিক শাখা ,পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখা,চুকানী ,কতাশবাৰী আৰু বিষ্ণুপুৰ প্ৰাথমিক শাখাই নাম প্ৰসংগ ,আই নাম,বীৰ নাম,ভাগৱত পাঠ,ভাওনা আৰু বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে।ইফালে বঙাইগাঁও জিলা সদৰ চহৰৰ মাজমজিয়াত থকা গান্ধী ময়দানৰ বঙাইগাঁও বাৰোৱাৰী পূজা মণ্ডপত উদ্যোক্তা সমিতিয়ে এই পোন্ধৰ দিনীয়াকৈ ৰাস উৎসৱৰ মেলা অনুষ্ঠিত কৰিছে।একেদৰে চলনতাপাৰা,চোকাপাৰা আৰু বইটামাৰী আদিতো ৰাস উৎসৱ পালন কৰাৰ বাতৰি পোৱা গৈছে।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.