তিনিচুকীয়াত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া: চৰকাৰী আঁচনিৰ পৰ্যালোচনা ৰাজ্যপালৰ

0 115

মঙ্গলবাৰে তিনিচুকীয়াত উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সভাত উপস্থিত থাকি জিলাখনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। সভাৰ প্ৰাকক্ষণত জিলা উপায়ুক্ত স্বপ্নীল পালে ৰাজ্যপাল কাটাৰিয়াক জিলা প্ৰশাসনৰ হৈ উষ্ম আদৰণি জনায়।

তদুপৰি স্বপ্নীল পালে জিলাখনৰ চমু ইতিবৃত্তি দাঙি ধৰি জিলাখনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতং তথ্য সম্বলিত এক পাৱাৰ পইন্ট প্ৰেজেণ্টেশন আগবঢ়ায়। ৰাজ্যপালগৰাকীয়ে জিলাখনত জলজীৱন মিছনৰ কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰি বিশেষকৈ চাহ বাগিচা এলেকাত আঁচনিখনৰ অগ্ৰগতিৰ বুজ লয়। তদুপৰি বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্রসমূহত জলজীৱন মিছনৰ অধীনৰ কাম-কাজৰো পৰ্যালোচনা কৰে। জলজীৱন মিছনৰ কামকাজ জিলাখনত আৰু অধিক তৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

অন্যহাতে জিলাখনত স্বচ্ছ ভাৰত মিছনৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন কাম-কাজ, মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ, অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি বিভিন্ন বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰতো ৰাজ্যপাল গৰাকীয়ে পৰ্যালোচনা কৰি আঁচনিসমূহৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। তেওঁ কৃষকসকলক মাত্ৰ এটা খেতিতে সীমাবদ্ধ নাথাকি একেডোখৰ মাটিতে কেইবাটাও খেতি কৰিবৰ বাবে উৎসাহ যোগাবলৈ কৃষি বিভাগক আহ্বান জনায় । তেওঁ শিক্ষা বিভাগৰ আৰোহন আচঁনিৰ বুজ লৈ মহিলাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান আৰু প্ৰধানমন্ত্ৰী জন-আৰোগ্য যোজনা, ই-অফিচ ৰূপায়ন সন্দৰ্ভতো ৰাজ্যপালগৰাকীয়ে পৰ্যালোচনা কৰে। অন্যহাতে সভাত জিলাখনৰ আৰক্ষী তথা সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে ৰাজ্যপালগৰাকীৰ আগত আৰক্ষী প্ৰশাসনৰ কাম-কাজৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেশনৰ জৰিয়তে বিতং ব্যাখ্যা দাঙি ধৰে ।ৰাজ্যপাল কাটাৰীয়াই সভাত উপস্থিত সকলোকে ঐক্যবদ্ধভাবে তথা ধনাত্মক চিন্তাধাৰাৰে জনসাধাৰণৰ হিতৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ।

সভাত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, পলাশ ৰাজকুমাৰ আহোম আৰু মনজিৎ বৰকাকতী, শদিয়া আৰক্ষী জিলাৰ অধীক্ষক মৃণাল ডেকাকে মুখ্য কৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। সভাৰ সামৰণিৰ পিছত ৰাজ্যপালগৰাকীয়ে বগাপানী আদৰ্শ অংগনৱাড়ী কেন্দ্র আৰু বগাপানী চাহ বাগিচা ১০ নং লাইন জলজীৱন মিছনৰ পানী যোগান আচঁনি পৰিদৰ্শন কৰে ।

Leave A Reply

Your email address will not be published.