তিনিদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰত যোগ মহোৎসৱ

0 232

মানসিক শক্তি আৰু নিৰাময় জীৱন অটুট ৰাখিবলৈ মানুহৰ জীৱনত যোগ আৰু ধ্যানৰ অতি প্রয়োজন। এনে উদ্দেশ্যৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত যোগ মহোৎসৱ আৰম্ভ হৈছে। হাটফুলনেছ ইনষ্টিটিউট, শ্ৰী ৰামচন্দ্ৰ মিছন আৰু সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মিনাক্ষী দাস নাথে।

সাংস্কৃতিক পৰিক্ৰম৷ বিভাগৰ অতিৰিক্ত সচিব মনিদীপা বৰকটকীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে কৰ্মক্ষেত্ৰত জড়িত প্রতি গৰাকী ব্যক্তিৰ বাবে প্ৰত্যেকটো দিনেই প্রত্যাহ্বান হৈ পৰিছে। মানসিক চাপে আমাৰ জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে। হাৰ্টফুলনেছ আৰু শ্ৰীৰামচন্দ্ৰ মিছনে গ্ৰহণ কৰা এই পদক্ষেপ নিসন্দেহে কৃতজ্ঞতাৰ পাত্র।

প্রথম দিনাৰ যোগ মহোৎসৱৰ কাৰ্যসূচী হিচাপে যোগ প্ৰশিক্ষকে প্রাণায়াম, আসন আৰু মুদ্ৰাৰ অনুশীলন কৰি দেখুৱায় আৰু উপস্থিত অভ্যাগতকো চেষ্টা কৰিবৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.