চলচ্চিত্র প্ৰেমীসকললৈ সুখবৰ ৷ এজন সুদক্ষ আৰক্ষী বিষয়া পার্থসাৰথি মহন্ত পৰিচালিত ‘লাচিত–দ্য ৱাৰিয়ৰ’ তথ্যচিত্রখন ষষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ নির্বাচিত হৈছে৷ কর্মজীৱনৰ সমান্তৰালভাৱে সাংস্কৃতিক ক্ষেত্রখনৰ লগত ওতপ্রোতভাৱে জডিত মহন্তৰ এই তথ্যচিত্রখনে ইতিমধ্যে জয়পুৰ ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ লগতে শ্রেষ্ঠ তথ্যচিত্রৰো বঁটা লাভ কৰিছিল ৷আনহাতে মুম্বাইত অলপতে অনুষ্ঠিত নর্থ–ইষ্ট ফিল্ম ফেষ্টিভেলতো লাচিত–দ্য ৱাৰিয়ৰে অফিচিয়েল ছিলেকচনৰ তালিকাত অন্তর্ভুক্ত হৈছিল৷উল্লেখ্য যে ৩ জুলাইৰ পৰা ৮ জুলাইলৈ কলকাতাৰ নন্দন ফিল্ম চেণ্টাৰত অনুষ্ঠিত হ’ব লগা ৬ষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱত প্রদর্শিত হ’ব ‘লাচিত–দ্য ৱাৰিয়ৰ’৷
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta