চলচ্চিত্র প্ৰেমীসকললৈ সুখবৰ ৷ এজন সুদক্ষ আৰক্ষী বিষয়া পার্থসাৰথি মহন্ত পৰিচালিত ‘লাচিত–দ্য ৱাৰিয়ৰ’ তথ্যচিত্রখন ষষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ নির্বাচিত হৈছে৷ কর্মজীৱনৰ সমান্তৰালভাৱে সাংস্কৃতিক ক্ষেত্রখনৰ লগত ওতপ্রোতভাৱে জডিত মহন্তৰ এই তথ্যচিত্রখনে ইতিমধ্যে জয়পুৰ ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ লগতে শ্রেষ্ঠ তথ্যচিত্রৰো বঁটা লাভ কৰিছিল ৷আনহাতে মুম্বাইত অলপতে অনুষ্ঠিত নর্থ–ইষ্ট ফিল্ম ফেষ্টিভেলতো লাচিত–দ্য ৱাৰিয়ৰে অফিচিয়েল ছিলেকচনৰ তালিকাত অন্তর্ভুক্ত হৈছিল৷উল্লেখ্য যে ৩ জুলাইৰ পৰা ৮ জুলাইলৈ কলকাতাৰ নন্দন ফিল্ম চেণ্টাৰত অনুষ্ঠিত হ’ব লগা ৬ষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱত প্রদর্শিত হ’ব ‘লাচিত–দ্য ৱাৰিয়ৰ’৷
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন