জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়

0 311

গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ এখন অভিযোজন বৈঠকত অধ্যক্ষতা কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমত জে জে এমৰ অধীনত ৫০% এফ এইচ টি চি কাম সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয যে ২০২৪ চনৰ ভিতৰত প্ৰতিটো ঘৰতে খোৱাপানী যোগান ধৰাৰ আস্থা প্ৰকাশ কৰে।

তেওঁ কয় “অসমত এই অভিযানে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ অদম্যভাৱে কাম কৰি আছে আৰু বৰ্তমানলৈ ৩৩,০১,০৯৭ টা পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে।” মন্ত্ৰী বৰুৱাই এই কথাও ব্যক্ত কৰে যে, অসমত প্ৰথম অৱস্থাত এফ এইচ টি চিৰ অগ্ৰগতি কিছু লেহেমীয়া আছিল যদিও যোৱা কেইবছৰৰ পৰা ৰাজ্যখনে আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনে গাঁও জল আৰু অনাময় সমিতি গঠন, বিভিন্ন অংশীদাৰক প্ৰশিক্ষণ দিয়া, মানৱ সম্পদ চিনাক্তকৰণ আৰু অ’ এণ্ড এমৰ বাবে দক্ষ হোৱা গাঁও আদিকে ধৰি মাপকাঠী নিৰ্ধাৰণৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি দেখুৱাইছে। ইয়াৰ পূৰ্বে দিনটোৰ আৰম্ভণিতেই নিজৰ টুইটাৰত মন্ত্ৰী বৰুৱাই প্ৰধানমন্ত্ৰী মোডীক কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে জে জে এমক জন আন্দোলনলৈ সফলতাৰে ৰূপান্তৰিত কৰা বুলি উল্লেখ কৰে।

ইয়াৰ লগতে মন্ত্ৰী বৰুৱাই কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আঁচনিখন কাৰ্যকৰীকৰণত তেওঁলোকৰ পথ প্ৰদৰ্শন আৰু সহায়ৰ বাবে ধন্যবাদ জনায়। উল্লেখযোগ্য যে, স্বাধীনতাৰ পিছৰে পৰা অসমত পানীৰ ঘৰে প্ৰতি সংযোগ মাত্ৰ ১.৬৪% আছিল যদিও ২০১৯ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোডীয়ে জল জীৱন অভিযান আৰম্ভ কৰাৰ পিছত যোৱা কেইবছৰমানৰ ভিতৰত এই অনুপাত বৃদ্ধি হৈ ৫০.০৫% হয়গৈ।

অনুষ্ঠানত জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নৱনিযুক্ত ২৩৯ জন কৰ্মচাৰীৰ সৈতে হোৱা এক কথোপকথনত মন্ত্ৰী মল্লবৰুৱাই কয় যে, যিহেতু এই নিযুক্তি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত সম্পন্ন কৰা হৈছে, সেয়েহে তেওঁ নতুনকৈ নিযুক্তি পোৱা সকলক তেওঁলোকেও কোনোধৰণৰ দুর্নীতিৰ আশ্রয় নোলোৱাকৈ নিষ্ঠাৰে কাম কৰি দেশৰ,উন্নতিত যত্নপৰ হ’বলৈ আহ্বান জনায়।

আজিৰ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব আব্বাচী ছায়েদাইন আব্বাচী, বিশেষ সচিব দিগন্ত বৰুৱা, মুখ্য অভিযন্তা দিব্যজ্যোতি দুৱৰা, মুখ্য অভিযন্তা (অনাময়) বি.এম. ৰয় আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.