প্ৰতিবছৰৰ দৰে এইবছৰো আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ‘কলা দিৱস’ উদযাপন কৰাৰ সমন্তৰালভাৱে দক্ষিণ কামৰূপ জিলা বিজেপিও পলাশবাৰীৰ বাটৰহাস্থিত জিলা কাৰ্যালয়ত কলা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰী, ডা: ৰাজেন কলিতা আৰু স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি ‘কলা দিৱস’ৰ তাৎপৰ্য বিশদভাৱে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উল্লখ্য যে, ১৯৭৫ চনৰ ২৫ জুনৰ দিনা তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংবিধানৰ ৩৫২ ধাৰাৰ অধীনত সমগ্ৰ দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। জৰুৰীকালীন অৱস্থাত নাগৰিকৰ সকলো অধিকাৰ চৰকাৰীভাৱে হনন কৰা হৈছিল। সংবাদ মাধ্যমৰ বাতৰি পৰিবেশনৰ স্বাধীনতা ৰদ কৰাৰ লগতে ৰাজনৈতিক দলৰ কাম কাজতো বাধা আৰোপ কৰা হৈছিল জৰুৰীকালীন অৱস্থাত। নিশাৰ ভিতৰতে দেশৰ সকলো বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰি গোপন স্থানত আবদ্ধ কৰি ৰখা হয়। কিন্তু দেশজুৰি ইন্দিৰা গান্ধী জৰুৰীকালীন ব্যৱস্থাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ় লৈ উঠে। মাত্ৰ দুটা বছৰৰ ভিতৰতে অৰ্থাৎ ১৯৭৭ চনত ইন্দিৰা গান্ধীয়ে গণ আন্দোলনৰ ওচৰত নত স্বীকাৰ কৰিবলৈ বাধ্য হয়। সেয়ে সমগ্ৰ দেশে ২৫ জুনৰ দিনটো নাগৰিক সংবিধান অধিকাৰ হনন কৰাৰ প্ৰতিবাদত প্ৰতিবছৰে ‘কলা দিৱস’ হিচাপে পালন কৰি আহিছে। সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিয়েও প্ৰতিষ্ঠা কালৰে পৰাই দেশৰ লগতে ‘কলা দিৱস’ উদযাপন কৰি আহিছে। সেয়েহে বিজেপি দলৰ কেন্দ্ৰীয় সমিতিয়ে ৰাজ্যিক পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়লৈকে কলা দিৱস উপলক্ষে ‘কলা দিৱস’ৰ যোজনা আৰু কাৰ্যক্ৰমৰ ৰূপৰেখাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি