দবা প্ৰতিযোগিতাত অসম সন্তান মায়াং চক্ৰৱৰ্তীৰ সাফল্য

0 202

ঝাৰখণ্ডত ১৫ ছেপ্টেম্বৰৰ পৰা হোৱা ৩২ সংখ্যক ৰাষ্ট্ৰীয় ৯ বছৰ অনুৰ্ধ্ব দবা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী ভঙাগড়ৰ পুবালী ষ্ট্ৰেটৰ বাসিন্দা ড° মনোমিতা চক্ৰৱৰ্তী আৰু কেশৱ চক্ৰৱৰ্তীৰ সুযোগ্য সন্তান মায়াংয়ে । ২৭৪ খন দেশৰ প্ৰতিযোগীক চেৰ পেলাই ২০১৮ বৰ্ষৰ ৰানাৰ্চ আপ হ’বলৈ সক্ষম হয় । গুৱাহাটী বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুলত চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা মায়াংয়ে ইয়াৰ পূৰ্বেও অনুৰ্ধ্ব ১১ বছৰ দবা প্ৰতিযোগিতাত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল । সাফল্য বুটলি ঝাৰখণ্ডৰ পৰা গুৱাহাটী বিমান বন্দৰত সোমবাৰে উপস্থিত হোৱা মায়াংক গামোচা-ফুলৰ থোপাৰে সদৌ অসম দবা সন্থাৰ ফালৰ পৰা আদৰণি জনায়।

Leave A Reply

Your email address will not be published.