দিনটোৰ খবৰ

0 314

প্ৰতি বছৰৰ দৰে আজিও উদযাপিত হ’ল শ্বহীদ দিৱস। শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি উপলক্ষে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰে। শ্বহীদ তৰ্পণ, শ্ৰৰ্দ্ধাঞ্জলিৰে অনুষ্ঠান আৰম্ভ কৰি “মানৱ অধিকাৰ আৰু অসমৰ জাতি সত্বা সমূহৰ সমস্যা” শীৰ্ষক এক আলোচনা চক্ৰ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। আলোচনাচক্ৰত অংশগ্ৰহণ কৰে অদীপ কুমাৰ ফুকন, মুকুট সিংহ চেতিয়া, সঞ্জীৱ ফুকনে। আলোচনাচক্ৰত গৃহীত হোৱা কিছু প্ৰস্তাৱ হ’ল এনেধৰণৰ… ৰাষ্ট্ৰযন্ত্ৰৰ জৰিয়তে কোনেও মানৱ অধিকাৰ ভংগ কৰিব নোৱাৰে। পৰাগ কুমাৰ দাসৰ চিন্তা বিস্তাৰৰ বাবে এখন আলোচনী প্ৰকাশ কৰিব লাগে। উল্লেখযোগ্য যে মাছৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্য্যসূচী বুবুমনি গোস্বামীৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়।

উত্তৰ পূৰ্বাঞ্চলৰ চিমেণ্ট উদ্যোগ প্ৰতিষ্ঠান টপচেম চিমেণ্টৰ উদ্যোগত গুৱাহাটী শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত বকোৰ ছিকানিয়াপাৰা গাঁৱত ১১ মে’ত চকুৰ পৰীক্ষণ শিবিৰ অনুষ্ঠিত হয়। সৰ্বমুঠ ১৭৮ জন লোকে চকু পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰে।

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৩৮জন ৰোগীৰ কেটেৰেক্ট অস্ত্ৰোপচাৰৰ সেৱা আগবঢ়ায়। আজি গুৱাহাটীৰ হোটেল প্ৰগতি মেনৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা জানিবলৈ দি মেঘালয়ৰ টপচেম চিমেণ্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয় যে সমাজৰ গুণগত সেৱা প্ৰদান কৰাটো এজন সামাজিক উদ্যমীৰ দায়িত্ব। সেয়ে স্বাস্থ্য সেৱা প্ৰদান কৰা হ’ল। সংবাদ মেলত চিকিৎসক অনুপম গোস্বামী উপস্থিত থাকি কাৰ্য্যসূচী সম্পৰ্কে বিশদ ভাবে জনায়। সংবাদ মেলত টপচেম চিমেণ্টেৰ সমূহ কৰ্মচাৰীৰ লগতে চিকিৎসক দ্বিপজ্যোতি মেধি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.