উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ লৈ অহা দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণেৰে নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় । উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে বৃহস্পতিবাৰে পুৱা ত্ৰিপুৰাৰৰ ভ্ৰমণ সামৰি আগৰতলাৰ পৰা বিশেষ বিমানেৰে আহি ডিমাপুৰত উপস্থিত হোৱাৰ সময়ত উপ-ৰাষ্ট্ৰপতি নাইডুক ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী , মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনে উষ্ণ আদৰণি জনায় ।ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে পোনে পোনে ডিমাপুৰৰ জৰাপানীত থকা ৰাষ্ট্ৰীয় মেঠন গৱেষণা কেন্দ্ৰটো পৰিদৰ্শন কৰে । মেঠন গৱেষণাগাৰটো পৰিদৰ্শন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভূত হৈ পৰে । পৰিদৰ্শন কালত গৱেষকসকলৰ সৈতে হোৱা বাৰ্তালাপত এম ভেংকায়া নাইডুৱে উত্তৰ পূৰ্বৰ সমৃদ্ধময় জৈৱ সম্পদ আৰু প্ৰাণীসম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ বিজ্ঞানীসকলক উদ্ভাৱনী গৱেষণাৰ বাবে আহবান জনায় ।উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে আমাৰ বৈজ্ঞানিক প্ৰতিষ্ঠান বিলাকে ভৌগোলিক স্থানৰ নিৰ্দিষ্ট প্ৰযুক্তি বিকাশ সাধন কৰিব লাগিব। যাতে সেই অঞ্চলৰ জনজাতীয় সংস্কৃতিৰ জলবায়ুৰ স্থিতিস্থাপকতাৰ সামঞ্জস্য থকা উচিত । ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি নাইডুৱে ডিমাপুৰৰ ছুমুকেডিমাৰ আৰক্ষী নিবেশৰ ৰ’ডডেনড্ৰন হলত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনসহ মন্ত্ৰী পৰিষদৰ সৈতে বিশেষ আলোচনাত মিলিত হয়।উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেল পদ্ধতিৰে কহিমাত অৱস্থিত নাগালেণ্ডৰ প্ৰথমখন আই টি পাৰ্কৰ তথ্য প্ৰযুক্তিৰ সঞ্চালকালয়ৰ কাৰ্যালয়, কহিমা চৰকাৰী হাইস্কুল আৰু মন্ত্ৰী আৱাস ভৱন উদ্বোধন কৰে । উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তিনিদিনীয় ভ্ৰমণ উদ্দেশ্য নাগালেণ্ডলৈ আহিছিল যদিও বিশেষ কাৰণ তেওঁৰ সেই ভ্ৰমণ বাতিল কৰি এদিনীয়ালৈ সলনি কৰে। শুক্ৰবাৰে উপ-ৰাষ্ট্ৰপতি নাইডু অৰুণাচল প্ৰদেশত উপস্থিত হ’ব।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী