আজি দীনজ্যোতি ফাউণ্ডেশ্যণৰ উদ্যোগত দিন যোৰা কাৰ্যসূচীৰে বিশ্ব শ্ৰমিক দিৱস উৎযাপন কৰা হয় ।দিৱসৰ লগত সংগতি ৰাখি ফাউণ্ডেশ্যনটোৰ সদস্য সকলে গুৱাহাটীস্থিত ঐতিয্য মণ্ডিত বশিষ্ঠ মন্দিৰ দেৱালয়ৰ চৌহদত স্বচ্ছতা অভিযান চলায়। দেৱালয়ৰ প্ৰাংগনৰ য’তে ত’তে পৰি থকা আৱৰ্জনা বোৰ নিজ হাতেৰে ঝাডু মাৰি পৰিস্কাৰ কৰে। অনাগত দিনবোৰতো যাতে দেৱালয়ৰ চৌহদ পৰিস্কাৰ হৈ থাকে আৰু দৰ্শনৰ বাবে অহা ভক্তসকলৰ মাজত পৰিস্কাৰৰ প্ৰতি সজাগতা আনিব পাৰি ,তাৰ প্ৰতি লক্ষ্য ৰাখি ফাউণ্ডেশ্যনটোৰ তৰফৰ পৰা দেৱালয়ৰ কৰ্তৃপক্ষক ডাচবিন প্ৰদান কৰা হয় ।এই সন্দৰ্ভত ফাউণ্ডেশ্যনটোৰ সঞ্চালিকা চুমী ৰহমানে কয় যে, এয়া স্বচ্ছতাৰ সমান্তৰাল ভাবে সজাগতাৰ দিশে এক ক্ষুদ্ৰ প্ৰয়াস মাথো। শ্ৰমিক দিৱস উপলক্ষে আয়োজিত সমগ্ৰ কাৰ্যসূচীত ফাউণ্ডেশ্যনটোৰ সদস্যবৃন্দ -মধুস্মিতা বৰা দাস ,ৰঞ্জিতা হাজৰিকা,অনামিকা চৌধুৰী,চৈয়দা আঞ্জুআৰা বেগম,পল্লবী হাজৰিকা,ঝিলি দাস,দিপ্তী পাঠক,কুমাৰীকা গোস্বামী,ৰেছমা বেগম,ৰেজিনা বেগম ,ৰিনা বেগম,জয়শ্ৰী মৰল,আৰু ৰিমজিম তালুকদাৰে হাতে কামে লাগি অনুষ্ঠানতো সাফল্য মণ্ডিত কৰাত সহযোগ আগবঢ়ায়।এই ক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়োৱা দুগৰাকী শ্ৰমিক মহিলাক উক্ত স্থানতে ফাউণ্ডেশ্যনৰ তৰফৰ পৰা গামোচা, মানপত্ৰ আৰু নগদ ধনৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা