কালি গুৱাহাটীৰ কিছুসংখ্যক উদীয়মান যুৱক যুৱতীয়ে ৰাষ্ট্রীয় জলপানি বঁটা প্ৰাপক মিনাংক ডেকাৰ নেতৃত্বত বনভোজ সৃষ্ট আৱৰ্জনাজনিত পৰিৱেশৰ পৰা হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা অভিযান ৰূপে মূকাভিনয়ৰ পোছাকত দীপৰ বিলৰ পাৰত এক সজাগতা অভিযান চলায়। Mission Save Deepor Beel নামেৰে নামাকৰণ কৰা উক্ত সজাগতা সৃষ্টিৰ অনুষ্ঠানটোৰ জৰিয়তে বিলখনৰ পাৰলৈ বনভোজ খাবলৈ অহা প্ৰতিটো দল তথা প্ৰতিজন ব্যক্তিৰ কাষলৈ গৈ ধেমালিৰ চলেৰে বিলখনৰ চৌপাশ তথা বনভোজস্থলী পৰিষ্কাৰ কৰি ৰাখিবলৈ যুৱক যুৱতীৰ দলটোৱে আহ্বান জনায়।মুকাভিনয় শিল্পী মিনাংক ডেকাৰ নেতৃত্বত যোৱা দলটোৰ আন আন সদস্যসকল আছিল- ভাৱনা, হিমাদ্ৰী, ৰেকিবুল আৰু তনিক্সাই। দীপৰ বিলৰ লগতে পৰিভ্ৰমী পক্ষীজাকৰ প্ৰতিকূলতাবোৰ অনুকূল কৰাৰ বাবে তেওঁলোকৰ এই প্ৰয়াস বুলি জানিবলৈ দিয়ে।তেওঁলোকৰ এই প্ৰয়াসক উপস্থিত ৰাইজে সলাগ লোৱাৰ লগতে এই পদক্ষেপক আদৰণি জনায়। উল্লেখ্য যে, মিনাংক ডেকাই পূৰ্বেও দীপৰ বিলৰ পাৰত ‘নিৰ্বাক যাত্ৰা’ নামেৰে এক অভিযানৰ জৰিয়তে “চৰাইজাক নহা হ’ল” শীৰ্ষক এক মুকাভিনয় নাট প্ৰদৰ্শন কৰে ।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন