নগা আৰু অসমীয়াৰ ভাতৃত্ববোধ তথা সাতামপুৰুষীয়া সম্প্ৰীতি অধিক কটকটীয়া কৰা আৰু শিলডুবিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে তিতাবৰ মহকুমাৰ সীমান্তৱৰ্তী অঞ্চল শিলডুবিত তিনিটা বছৰৰ পূৰ্বেই জন্ম হৈছিল ‘শিলডুবি বৰহোলা চাংপাং চাৰ্কোল ইক’টুৰিজ্যিম ডেভেলপমেণ্ট ছচাইটি’ নামৰ সমিতিখন। ইয়াৰ উদ্যোগতে প্ৰতি বৰ্ষতে দুয়োখন ৰাজ্যৰ বহুকেইজন উদ্যমী যুৱক যুৱতী তথা সচেতন লোকে অনুষ্ঠিত কৰি আহিছে শিলডুবি-চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল চমুকৈ স্নীফ (SCNEEF) নামৰ নৃ গোষ্ঠীয় মহোৎসৱটো। বিগত দুটা বছৰৰ অভাৱনীয় সফলতাৰ পিছত এই বৰ্ষটো ৬ ,৭ আৰু ৮ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় বৰ্ষৰ বাবে এই মহোৎসৱ অনুষ্ঠিত হৈছে। শিলডুবি বৰহোলা চাংপাং চাৰ্কোল ইক’টুৰিজ্যিম ডেভেলপমেণ্ট ছচাইটি আৰু নগালেণ্ড আৰু অসম উভয় ৰাজ্যৰ লোকেৰে গঠিত হৈছে মহোৎসৱৰ আয়োজক সমিতিখন। উল্লেখযোগ্য যে, যোৰহাট জিলাৰ তিতাবৰৰ দক্ষিণ-পূৱ দিশে অসম-নাগালেণ্ড সীমান্তত অৱস্থিত এক সুন্দৰ আৰু অতি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ অঞ্চল শিলডুবি। পাহাৰ ভৈয়ামৰ সংগমস্থল এই শিলডুবি এলেকাটোৰ অন্যতম বৈশিষ্ট্য হ’ল যে ইয়াত ভৈয়ামৰ কেইবাখনো গাঁৱৰ অসমীয়া মানুহৰ সৈতে প্ৰতিবেশী নগা পাহাৰৰ কেইবাখনো বস্তিৰ (গাঁৱৰ) নগালোকসকলে একেখন সমাজৰ বাসিন্দাৰ দৰে দীৰ্ঘদিনৰ পৰা মিলিজুলি বসবাস কৰি আহিছে। অসম আৰু নাগালেণ্ডৰ মাজৰ সীমা বিবাদকে ধৰি বিভিন্ন সময়ত উদ্ভৱ হোৱা অশান্তজৰ্জৰ পৰিস্থিতিয়ে কোনোদিনেই শিলডুবিক স্পৰ্শ কৰা নাই বা অসমীয়া আৰু নগাৰ মাজত বিভেদ সৃষ্টি কৰিব পৰা নাই। এই আন্তৰিকতাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ একোটা বৃহৎ নৃ-গোষ্ঠীয় মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাত আয়োজকসকল সফল হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক উজলাই তুলিবৰ বাবে মহোৎসৱস্থলীত বিভিন্ন আৰ্হিৰ মঞ্চ, তোৰণ আদিৰ নিৰ্মাণ কৰিছে আয়োজক সমিতিয়ে। কাৰ্যসূচী অনুসৰি ৬ জানুৱাৰীত পতাকা উত্তোলন, ট্ৰেকিং, জীপ চাফাৰী, অসম আৰু নাগালেণ্ডৰ দলৰ মাজত বন্ধুত্বপূৰ্ণ ভলীবল খেল, পৰম্পৰাগত আদৰণি পেৰেড, বিভিন্ন জনগোষ্ঠীয় খেল-ধেমালী আদি অনুষ্ঠিত হোৱাৰ লগতে নিশালৈ উভয় ৰাজ্যৰ স্থানীয় শিল্পীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। একেদৰে ৭ জানুৱাৰীৰ মূল কাৰ্যসূচীসমূহ হ’ল- চিত্ৰাংকণ প্ৰতিযোগিতা, মহোৎসৱৰ মূল গীত পৰিবেশন, তিৱাসকলৰ ৰজা তথা গোভা ৰজাৰ দ্বাৰা মহোৎসৱ উদ্বোধন, নিমন্ত্ৰিত বিভিন্ন জনগোষ্ঠীয় শিল্পী দলৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন, জনগোষ্ঠীয় সাজ পোছাকেৰে ফেশ্বন শ্ব’ আৰু সৌন্দৰ্য প্ৰতিযোগিতা ইত্যাদি। ৮ জানুৱাৰীত স্থানীয় শিল্পী আৰু বিভিন্ন অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচী। মূল সমিতিখনৰ সভাপতি, বিশিষ্ট সমাজসেৱক তিলক বৰুৱা আৰু সম্পাদক এছ থুংগজামো অডিঅই এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে নগা আৰু অসমীয়াই সম্প্ৰীতিৰ বান্ধোনেৰে অঞ্চলটোক পৰ্যটন স্থলী ৰূপে গঢ় দিবলৈ চেষ্টা কৰি আহিছে। এই মহোৎসৱে অসমীয়া-নগাৰ ভাতৃত্ববোধ অধিক দৃঢ় কৰা লগতে অসমৰ পৰ্যটন মানচিত্ৰত শিলডুবি-চাংপাঙে পৰ্যটন ক্ষেত্ৰ ৰূপে স্থান পাবলৈ সক্ষম হ’ব। আনহাতে মহোৎসৱস্থলীত গাহৰি মাংস পোৰা, মাছ পোৰা, আপং আদি বিভিন্ন জনগোষ্ঠীয় খাদ্যৰ সোৱাদ লবলৈ পৰ্যটকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ঠিক সেই দৰে নগা পাহাৰৰ পৰা নামি অহা নগা ভাই ভনীয়ে লৈ অহা নগা থলুৱা খাদ্য সম্ভাৰ আৰু সাজপাৰে পৰ্যটকক আকৰ্ষণ কৰিছে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন