দুগ্ধ উৎপাদক সমিতিয়ে বহুতক স্বাৱলম্বী কৰি তুলিছে

0 256

আচলতে সকলো কামতে সংগ্ৰাম থাকে। সেয়া লাগিলে সীমান্তৰ যুঁজাৰু জনেই হওক অথবা ব্যৱসায়ী জনেই হওক। সংগামৰ অবিহনে কোনেও অভিজ্ঞতা সঞ্চয় কৰিব নোৱাৰে। সংগ্ৰামে জুৰুলা কৰিলেও ভাগৰি নপৰাজনেই  প্ৰকৃত সংগ্ৰামী।
 
 
এই কথাখিনিৰ লগত সম্পৰ্কিত ব্যক্তিজনেই হ’ল পুলেন ডেকা।  মাত্ৰ চাৰি লিটাৰ গাখীৰ উৎপাদন কৰি ঘৰে ঘৰে গাখীৰ বিলাই তেখেতে পথৰুঘাট দুগ্ধ উৎপাদক সমিতিৰ প্ৰতিষ্ঠা কৰিলে। সম্প্ৰতি সমিতিখনে দৈনিক ২০০০লিটাৰ দুগ্ধ বিভিন্ন ঠাইত যোগান ধৰি আহিছে। জানি সুখী হ’ব যে প্ৰায় ২০০গৰাকী নিবনুৱাই এই সমিতিখনৰ জৰিয়তে জীৱন জীৱিকাৰ পথ বিচাৰি পাইছে।
 
সমিতিখনে লকডাউনৰ সময়তো বিভিন্ন সমস্যাৰ মাজেৰে দৈনিক ১২০০লিটাৰ গাখীৰ যোগান ধৰি আহিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ১০খন গাঁৱৰ মানুহ এই সমিতিখনৰ লগত জড়িত হৈ আছে। উল্লেখযোগ্য যে কোনোধৰণৰ বিজ্ঞাপন নিদিয়াকৈ দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন গ্ৰাহকে তেওঁলোকৰ পৰা দুগ্ধ ক্ৰয় কৰে। উৎকৃষ্ট মানৰ গাখীৰ হোৱা হেতুকে পথৰুঘাট দুগ্ধ সমিতিৰ পৰা সকলোৱে দুগ্ধ ক্ৰয় কৰিবলৈ হেতা ওপৰা কৰে।
 
এই সম্পৰ্কে পথৰুঘাট দুগ্ধ উৎপাদন সমিতিৰ সৈতে আৰম্ভণিৰে পৰা জড়িত পুলেন ডেকাই এনেদৰে কয় -গাখীৰৰ মানদণ্ডটো কমি যোৱা যেন পালে উন্নত মানদণ্ডৰ গাখীৰ যোগান ধৰিবলৈ চেষ্টা কৰো।
 
এটা সৰু ব্যৱসায়ৰ পৰা সম্প্ৰতি দুশ পৰিয়ালক সামৰি লোৱাটোৱে বৰ্তমান সময়ত নিশ্চিতভাৱে এক আশাপ্ৰদ খবৰ ।

Leave A Reply

Your email address will not be published.