দুটা খবৰৰ আঁত ধৰি

0 248

এখন বিলাসী হোটেলত এসাঁজ খাবলৈ সকলোৱে মন কৰে। কিন্তু অৰ্থ অভাৱৰ বাবে কাৰোবাৰ সেয়া সম্ভৱ হৈ নুঠে। কিন্তু মহানগৰীৰ এখন ব্যয় বহুল বিলাসী হোটেলে কঢ়িয়াই আনিছে এক নতুন বতৰা। মহানগৰীৰ ৰুক্মিনীগাঁওত অৱস্থিত হোটেল শ্বুলিনগেণ্ডত মাত্ৰ ৬৯৯ টকাত ৩৬ বিধ সুস্বাদু ব্যঞ্জনৰে পৰিপূৰ্ণ থালি লাভ কৰিব। উল্লেখযোগ্য যে প্ৰতি শনি আৰু ৰবি বাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ আৰু সন্ধিয়া ৭ বজাৰ পৰা ১২ বজালৈ এই সুবিধা উপলব্ধ হ’ব বুলি হোটেল খনৰ তৰফৰ পৰা জনাইছে।

 

আনহাতে অম্বুবাচী উপলক্ষে শক্তিপীঠ সজাই তোলা হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে অস্থায়ী জিৰণি চ’ৰা সজাই তোলা হৈছে। পঞ্জিকাৰ তথ্য অনুসৰি এইবাৰ ২২জুনৰ নিশা ৯:২৭ বজাত অম্বুবাচী প্ৰবৃত্তি হ’ব আৰু সেইদিনা সন্ধিয়াতে মন্দিৰৰ মূল গেট বন্ধ হ’ব। উল্লেখযোগ্য যে ভক্ত সকলৰ নিৰাপত্তা আৰু সুবিধাৰ অৰ্থে দেৱালয়ৰ তৰফৰ পৰা লগতে চৰকাৰৰ ফালৰৰ পৰাও ব্যাপক কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হৈছে। এই সম্পৰ্কে জানিবলৈ আমি মন্দিৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত কৰাত জনায় যে মন্দিৰৰ সমীপৰ নাহৰবাৰীত এইবাৰ মাত্ৰ এটা শিবিৰৰ ব্যবস্থা কৰা হৈছে। আনহাতে দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে খোৱা পানী বিজুলীৰ ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইতিমধ্যে বিভাগীয় কর্তৃপক্ষ আৰু চৰকাৰৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে। প্ৰায় ৪০০ গোপন কেমেৰা আৰু প্ৰায় ১২০০ স্বেচ্ছাসেৱকৰ ব্যৱস্থা থাকিব। ২৬ জুনত অম্বুবাচীৰ নিবৃত্তি হ’ব আৰু সেইদিনাই মন্দিৰৰ মূল দুৱাৰ খোলা হ’ব বুলি জানিব পৰা গৈছে।

 

Leave A Reply

Your email address will not be published.