দুটা খবৰ

0 274

WhatsApp Image 2018-01-31 at 8.12.58 PM

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত টাই আহোম আৰু বহু কেইটা জাতীয় সংগঠনৰ সহযোগত আন্ত:ৰাষ্ট্ৰীয় ভাৱে কলা ক্ষেত্ৰৰ বাকৰিত মেডাম মে ফী উদযাপন হয়। দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ উদ্দেশ্য হ’ল টাই আহোমৰ পূৰ্ব পুৰুষসকলক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা। উল্লেখযোগ্য যে পূৰ্বে মেডাম মে ফী আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা উদযাপন হৈ আহিছে। এইবাৰ মেডাম মে ফী আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হৈছে। থাইলেণ্ড, ম্যানমাৰ ফিলিপাইনৰ ৰাষ্ট্ৰদূত সকলে অংশগ্ৰহণ কৰিছে। মেডাম মে ফী অনুষ্ঠান উপস্থিত থাকি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে কয় যে সাংস্কৃতিক বিনিময়ৰ যোগেদি শিপাক বিচাৰি পোৱা যায়।

WhatsApp Image 2018-01-31 at 8.12.59 PM

অনুষ্ঠানত উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে কয় যে দক্ষিণ পূব এছিয়াৰ ভিতৰত অসমক শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়া হ’ব। ইয়াৰ বাবে সমন্বয় অতি প্ৰয়োজন। সকলো জাতি জনজাতিৰ সমন্বয়ে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ় দিয়াত সহায়ক হ’ব। দেশত বিশৃংখল সৃষ্টি কৰা অপশক্তি সমূহ ৰোধ কৰিবলৈ চৰকাৰে কঠোৰতম ব্যৱস্থা ল’ব। আৰু মেডাম মে ফী অনুষ্ঠানত চাওলুং ছুক্যফাৰ অবক্ষয় মূৰ্তিৰ প্ৰতিষ্ঠা কৰা বিষয়টো বিবেচনা কৰা হ’ব বুলি ব্যক্ত কৰে। অনুষ্ঠানত প্ৰমিলা ৰাণী ব্ৰহ্ম, হাগ্ৰামা মহিলাৰী, পৰিমল শুক্লবৈদ্য আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

WhatsApp Image 2018-01-31 at 7.11.43 PM

আনহাতে চিলাৰায় দিৱস উপলক্ষে কেন্দ্ৰীয়ভাৱে উদযাপিত হয় বঙাইগাওঁ ভাকাৰিভিটা আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্য্যলয়ত। পতাকা উত্তোলন শ্ৰদ্ধা তৰ্পনেৰে আৰম্ভ হোৱা কাৰ্য্যসুচী অনুসৰি সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

WhatsApp Image 2018-01-31 at 8.12.59 PM (1)

Leave A Reply

Your email address will not be published.