মহানগৰীৰ চান্দমাৰীস্থিত তুষ্টি নিলয় ভৱনত “ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ সৌজন্যত “তক্ষশীলা, অসম”ৰ সহযোগত ৩০ নৱেম্বৰ আৰু ১ডিচেম্বৰত দুদিনীয়াকৈ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত হ’বলগীয়া অভিৱৰ্তনৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্য এখনি গুৰুত্বপূৰ্ণ সভা বিশিষ্ট অভিনেতা ৰবীন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ সাধাৰণ সম্পাদিকা নাট্যাচার্য পখিলা কলিতাই। সভাত সাংবাদিক-লেখক দীপক শৰ্মা, কুমুদ চন্দ্র ডেকা, ড০ অৰুণিমা বৰুৱা, ঘুনুচা গগৈ বৰুৱা, অনিল ডেকা, লক্ষ্মী বৰা, ড০ ডালিমী কোঁৱৰ, বীণা বৰ্মন, সোমেশ্বৰ দাস, প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰি দেশৰ ভিন ভিন প্ৰান্তত অনুষ্ঠিত হোৱাৰ ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ গুৱাহাটী অভিবৰ্তন অতি উন্নত মানৰ হ’ব লাগিব। এই ক্ষেত্রত ৰাজ্য চৰকাৰ, ৰাজ্যৰ সাংস্কৃতিক মন্ত্রীৰ লগতে সংস্কৃতিপ্ৰেমী ৰাইজে যথাসম্ভব সহযোগিতা আগবঢ়াব বুলি আশা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিশিষ্ট শিল্পী-কলাকুশলীয়ে অংশগ্রহণ কৰিবলগীয়া এই অভিবৰ্তন সফল কৰি তুলিবলৈ ৰবীন ডেকাক সভাপতি, গীতা দেৱী গগৈক কাৰ্যকৰী সভাপতি, ড০ অৰুণিমা বৰুৱা, ড০ ডালিমী কোঁৱৰ, আল্পনা চৌধুৰীক উপ-সভাপতি, ৰীণা দাসক সম্পাদক, ঘুনুচা গগৈ বৰুৱা, অনিল ডেকা, মৃণাল দাসক সহ: সম্পাদক, কুমুদ চন্দ্র ডেকাক প্ৰচাৰ সম্পাদক, দীপ্তি মজুমদাৰ, লখিমী দাসক বৃত্ত সম্পাদক, কস্ত্তৰী কাশ্যপ, ৰাকেশ শৰ্মাক সাংস্কৃতিক সম্পাদক, লক্ষ্মী বৰা, মলয়া দাস, বীণা বৰ্মনক খাদ্য সম্পাদক হিচাবে লৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন